কলকাতা বুলি ক’লে লোভনীয় পথৰ খাদ্য (স্ট্রীট ফুড)ৰ কথাও মনলৈ আহে। যুগ যুগ ধৰি মহানগৰখনে এই পৰম্পৰা বৰ্তাই ৰাখিছে। সম্প্রতি কলকাতা মহানগৰে খাদ্যৰ দিশৰ পৰা আন এক স্বীকৃতি অর্জন কৰিছে। ইতৰ প্ৰাণীৰ অধিকাৰৰ হকে মাত মাতি অহা পিপ’ল ফৰ দ্য এথিকেল ট্রীটমেন্ট অৱ এনিমেলছ ইণ্ডিয়া (পেটা-ইণ্ডিয়া)ই কলকাতাক দেশৰ চলিত বৰ্ষৰ সবাতোকৈ নিৰামিষ খাদ্য প্রিয় চহৰৰ আখ্যা দিছে।
ইয়াৰ জৰিয়তে চহৰখনত খাদ্যৰূপে গ্রহণ কৰা প্ৰাণীৰ প্ৰতি মানুহৰ মৰম বৃদ্ধি পোৱাটোও স্পষ্ট হৈছে। এই স্বীকৃতিৰ জৰিয়তে বিশ্বৰ নিৰামিষাহাৰীৰ মানচিত্রত মহানগৰখনে দৃঢ়তাৰে স্থান লাভকৰিছে। এই স্বীকৃতি প্রদান কৰি পেটাই অলপতে আগবঢ়োৱা বঁটা গ্ৰহণ কৰে কলকাতাৰ মেয়ৰ তথা পশ্চিমবংগৰ নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা মন্ত্রী ফিৰহাদ হাকিমে।
এই সম্পর্কত পেটা ইণ্ডিয়াই কয় যে এই স্বীকৃতিয়ে কলকাতাৰ নিৰামিষ বাঙালী আহাৰৰ পৰম্পৰাক সূচাইছে। নিৰামিষ আহাৰৰ প্ৰতি মানুহৰ আগ্রহ বৃদ্ধি পোৱাত মহানগৰখনত নিৰামিষ খাদ্য সম্ভাৰ পোৱা হোটেল-ৰেস্তোৰাঁৰ সংখ্যাও বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে কলকাতা মহানগৰৰ বাসিন্দাসকলৰ খাদ্যৰূপে গ্রহণ কৰা প্ৰাণীৰ প্ৰতি মৰম বৃদ্ধি পোৱাটোও প্রতিফলিত হৈছে।
লক্ষ্যণীয় যে বাঙালীসকলৰ খাদ্য তালিকাত সাধাৰণতে মাছ থাকেই। কিন্তু ইয়াৰ সমান্তৰালভাৱে শস্য নিৰ্ভৰ খাদ্য সম্ভাৰৰ প্ৰতিও বাঙালীসকলৰ আকৰ্ষণ প্রবল। দৰাচলতে নিৰামিষ খাদ্য গ্রহণ কৰাটো বাঙালীসকলৰ এক গভীৰভাৱে খোদিত পৰম্পৰাও।
কলকাতা মহানগৰৰ অলিয়ে-গলিয়েও পথৰ দোকানত আলু চপ, বিলাহী-খেজুৰ চাটনি, ফুছকা আদি পোৱা যায়। বহুতে পৰম আগ্ৰহৰে এনে খাদ্য গ্রহণ কৰে। ইয়ে কলকাতা মহানগৰৰ ৰন্ধন প্ৰকৰণৰ এক চহকী ঐতিহ্যও প্রতিফলিত কৰে। একাংশৰ মতে কলকাতাৰ সমসাময়িক খাদ্য তালিকাত মুকলিকৈ আদৰি লোৱা হৈছে শস্যক।
নিৰামিযাহাৰী লোকৰ সংখ্যাও বৃদ্ধি পাইছে। এছিয়াৰ বিভিন্ন দেশৰ খাদ্য সম্ভাৰো কলকাতাত পোৱা যায়। ইয়াৰ মাজতে কচুৰ আঞ্জাও থাকে। এই সম্পর্কত পেটা ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰবন্ধক ড° কিৰণ আহুজাই কয়, ‘কলকাতাত বিভিন্ন উৎসৱ-পার্বণতো নিৰামিষ আহাৰ প্ৰধান হ’বলৈ ধৰিছে। বাঙালীসকলৰ পৰম্পৰাগত উদ্ভিদ নিৰ্ভৰ খাদ্য এক শৈলীতে পৰিণত হৈছে। এনে খাদ্যৰ জনপ্রিয়তা নিতৌ বৃদ্ধি পাই আছে।’






























