Parliament Winter Session:✒️বিৰোধীৰ তীব্র প্রতিবাদ-সদন ত্যাগৰ মাজেৰে আৰম্ভ হ’ল সংসদৰ শীতকালীন অধিবেশন। বিগত কে’বাখনো অধিবেশনৰ দৰে সোমবাৰেও লোকসভা আৰু ৰাজ্যসভা উভয় সদন স্থগিত ৰাখিবলগীয়া হয়। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (এছআইআৰ) ক লৈ বিৰোধীৰ নিৰৱচ্ছিন্ন প্ৰতিবাদৰ মাজতে কালি লোকসভাত স্থগিতাদেশ জাৰি কৰা হয়।
সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছতে ‘ভোট চুৰি’ শ্ল’গান দিবলৈ ধৰে বিৰোধীয়ে। ফলত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ মাজতে চমু আলোচনাৰ অন্তত মণিপুৰৰ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ৰ সংশোধনীৰ বলবতৰ এখন বিধেয়ক গৃহীত হয়। সোমবাৰে দিনৰ ২-২০ বজাত লোকসভা স্থগিত হোৱাৰ পূৰ্বে পুৱাৰ ভাগত প্রশ্নোত্তৰকালীন আৰু আবেলি দুবাৰকৈ সদন স্থগিত হয়।
ইপিনে, শনিবাৰে দিনটোৰ বাবে ৰাজ্যসভা স্থগিত ৰখা হয়। এছআইআৰৰ ওপৰত আলোচনা বিচাৰি বিৰোধীয়ে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰখাত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ বিজিজুৱে ৰাজ্যসভাত আশ্বাস দিবলৈ চেষ্টা কৰে যে এছআইআৰক লৈ আলোচনাত চৰকাৰৰ কোনো আপত্তি নাই। অৱশ্যে এই ক্ষেত্রত সময়সীমা নির্ধাৰণ নকৰিবলৈ কয় ৰিজিজুৱে।
মন্ত্ৰীৰ উত্তৰত সন্তুষ্ট নোহোৱাত বহুকেইটা বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। ৰাজ্যসভাত বিৰোধী দলপতি মল্লিকার্জুন খাগেই এছআইআৰৰ ওপৰত আলোচনাৰ দাবী কৰে যদিও অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে নিয়মীয়া নির্ধাৰিত কাৰ্যসূচী অনুসৰি আগবঢ়াত বিৰোধীয়ে প্রতিবাদ সাব্যস্ত কৰে।
পুনৰ ৰাজ্যসভাত ধনখড়
প্রাক্তন উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ৰ আকস্মিক প্রস্থানৰ পাছত কালিৰে পৰা আৰম্ভ হোৱা সংসদৰ অধিবেশনত ৰাজ্যসভাৰ অধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে নৱনিযুক্ত চি পি ৰাধাকৃষ্ণণে। বিৰোধী দলপতি খাগেই ৰাধাকৃষ্ণণক অভিনন্দন জনায় আৰু গণতন্ত্র বাহাল ৰখাৰ ওপৰত আলোকপাত কৰে। তাৰ পাছত তেওঁ অসন্তুষ্টি প্রকাশ কৰি কয় যে প্রাক্তন উপ-ৰাষ্ট্ৰপতি ধনখড়ক বিদায় সম্ভাষণ জনোৱাৰ সুযোগ লাভনকৰিলে বিৰোধীয়ে। খাগেই অধ্যক্ষক কয়, ‘আপোনাৰ আসনৰ পৰা এটা ফালে অধিক দৃষ্টিপাত নকৰিব। তাত বিপদ আছে। এইফালে নাচালেও বিপদ আছে। সমতা ৰক্ষা কৰাটোৱে ভাল হ’ব।’ তেওঁ ৰাজ্যসভাৰ প্ৰাক্তন অধ্যক্ষৰ আকস্মিক প্রস্থানৰ প্ৰসংগ উল্লেখ কৰি কয়, ‘আশা কৰো যে আপোনাৰ পূৰ্বসূৰীৰ অধ্যক্ষৰ আসনৰ পৰা সম্পূৰ্ণ অপ্রত্যাশিত আৰু তাৎক্ষণিক প্রস্থানৰ বিষয়টো উল্লেখ কৰিলে হয়তো আপুনি বেয়া নাপাব।’ এই প্রসংগত বিজেপিৰ সভাপতি জে পি নড্ডাই কয় যে প্রাক্তন অধ্যক্ষৰ বিদায় সম্ভাষণ সন্দর্ভত খাৰ্গেৰ মন্তব্য সংগতিহীন। মন্ত্রী ৰিজিজুৱেও খাৰ্গেক সকীয়নি প্রদান কৰি কয় যে তেওঁ অধ্যক্ষক সন্মান প্রদর্শন কৰা উচিত। প্রাক্তন অধ্যক্ষৰ বিদায়ৰ বিষয় উত্থাপন কৰি অধ্যক্ষৰ আসনৰ মর্যাদাত কালিমা সানিব নালাগে বুলি ৰিজিজুৱে কয়। খাগেই ধনখড়ৰ আকস্মিক পদত্যাগৰ প্ৰসংগ উত্থাপন কৰি লগতে প্ৰশ্ন কৰে, ‘ৰীতি অনুসৰি এই পর্যন্ত ধনখড়ৰ বিদায় সম্বর্ধনাৰ আয়োজন কিয় কৰা নহ’ল?’
নাটকৰ স্থান নহয়: মোদী
কালি অধিবেশন আৰম্ভণিৰ পূর্বে কিছু কট্যুক্তিৰ সুৰতে বিৰোধীলৈ বাৰ্তা প্ৰেৰণ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। সংসদত আলোচনাৰ পৰিৱেশ বজাই ৰখাৰ আহ্বান জনাই প্রধানমন্ত্রীয়ে কয়, ‘সংসদ নাটক কৰাৰ বাবে আন বহু স্থান আছে। সংসদত সেরা আগবঢ়োৱাটো প্রয়োজনীয়।’ তেওঁ বিহাৰৰ নিৰ্বাচন গণতন্ত্ৰৰ উজ্জ্বল উদাহৰণ বুলিও ব্যাখ্যা কৰে। তাৰ পাছতে বিৰোধীক কটাক্ষ কৰি কয়, ‘কিছুমান দলে এতিয়াও পৰাজয়ক গ্রহণ কৰিব পৰা নাই। ধাৰাবাহিক পৰাজয় সংসদৰ আলোচনাৰ বিষয়বস্তু হ’ব নোৱাৰে।’ বিৰোধীয়ে বিগত ১০ বছৰ ধৰি ৰাইজৰ ওচৰত গ্রহণযোগ্যতা হেৰুৱাইছে বুলি মোদীয়ে কয়। প্রয়োজন হ’লে তেওঁ বিৰোধীক বিজয়ী হোৱাৰ কিটিপ শিকাব পাৰে বুলি কটাক্ষ কৰি কয়, ‘বিৰোধীয়ে কৌশল সলনি কৰা উচিত। মই কিছু কিটিপ দিবলৈ সাজু আছো।’ প্রধানমন্ত্রীৰ এই কটাক্ষৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী ভদ্রাই কয়, ‘প্রদূষণ অথবা এছআইআৰৰ দৰে জৰুৰী বিষয়ক লৈ সংসদত আলোচনা হোৱা উচিত। এই বিষয়বোৰ উত্থাপন হোৱাটো নাটক নহয়। জনপ্রতিনিধিক যেতিয়া জনগণৰ স্বাৰ্থক লৈ কথা ক’বলৈ দিয়া নহয় তেতিয়াহে নাটক কৰা হয় ।
প্রধানমন্ত্রীয়ে সংসদক পণবন্দী কৰিছে : গৌৰৱ গগৈয়ে
কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে প্রধানমন্ত্রীক আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে প্রধানমন্ত্রী মোদীয়ে সংসদক পণবন্দী কৰিছে। তেওঁ কয়, ‘প্রধানমন্ত্রী মোদীয়ে সংসদক পণবন্দী কৰিছে। দলসমূহে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহ প্রসংগত প্রধানমন্ত্রীয়ে জবাবদিহি হ’ব নিবিচাৰে।’ তেওঁ কয় যে বিৰোধী শিবিৰৰ সকলো ৰাজনৈতিক দলেই নির্বাচনী ব্যৱস্থাৱলীৰ ওপৰত আলোচনাৰ দাবী জনাইছিল কিন্তু বিজেপিয়ে তাক নাকচ কৰিছে। গগৈয়ে কয়, ‘সকলো বিৰোধী ৰাজনৈতিক দলেই নির্বাচনী ব্যৱস্থাৱলীৰ ওপৰত আলোচনা কৰিবলৈ বিচাৰিছিল যদিও এই সপ্তাহত আলোচনাৰ বাবে বিজেপিয়ে তালিকাভুক্ত কৰিবলৈ অস্বীকাৰ কৰিছে। প্রধানমন্ত্রী মোদীয়ে সংসদক পণবন্দী কৰিলে।’
বিৰোধীৰ সদন ত্যাগ
চৰকাৰে এছআইআৰক লৈ আলোচনাৰ অনুমতি নিদিয়াৰ অভিযোগ তুলি ৰাজ্যসভাত সদন ত্যাগ কৰাৰ পাছত তৃণমূল কংগ্ৰেছৰ সাংসদ বেৰেক অ’ব্রায়ানে কয় যে তৃণমূল কংগ্রেছ, কংগ্ৰেছ আৰু ডিএমকেকে ধৰি সকলোৱে সংসদীয় পৰিক্ৰমা মন্ত্ৰীক এই বিষয়ত আলোচনাৰ দাবী কৰিছিল যদিও চৰকাৰে অনুমতি নিদিলে। কাইলৈ বিৰোধীয়ে এই বিষয়টোক লৈ প্রতিবাদ কৰিব। লোকসভাতো বিৰোধীয়ে এছআইআৰক লৈ শ্ল’গান দিয়ে আৰু সদন স্থগিত ৰখা হয়।
ইপিনে, সংসদৰ কাৰ্যসূচীৰ পূৰ্বে
প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাছত লোকসভাৰ কাৰ্যসূচী বিৰোধীৰ প্ৰতিবাদৰ মাজত বাৰে বাৰে ব্যাহত হোৱাত শাসকীয় সংসদসকলে বিৰোধীক দোষাৰোপ কৰে। পুৱা ১১ বজাৰ পৰা বিয়লি দুই বজালৈ তিনিবাৰ সদন স্থগিত ৰখা হয়।
ইপিনে, শাসক-বিৰোধীৰ এনে
সংঘাতৰ মাজতে আন এটা বিষয়ে সকলোৰে দৃষ্টি আকর্ষণ হৈছে। সেয়া হৈছে কংগ্রেছ সাংসদ ৰেণুকা চৌধৰীয়ে সংসদ চৌহদলৈ লৈ অহা কুকুৰৰ এটা পোৱালি। বিজেপি সাংসদ জগদম্বিকা পালে অভিযোগ কৰে যে সংসদলৈ কুকুৰ আনি সাংসদগৰাকীয়ে বিশেষাধিকাৰ ভংগ কৰিছে। পোহনীয়া কুকুৰক সংসদ চৌহদত প্ৰৱেশ কৰা দেখি স্বাভাৱিকতে তীব্র চর্চা আৰম্ভ হয়। অৱশ্যে সাংসদগৰাকীয়ে দাবী কৰে যে তেওঁৰ পোহনীয়া কুকুৰটোৱে কাকোকে নাকামোৰে। লগতে তেওঁ বিদ্রূপৰ সুৰত কয়, ‘যিসকল কামুৰিব পাৰে তেওঁলোক সংসদৰ ভিতৰত আছে!’






























