CCTOA: জনজাতি সকলৰ যৌথ মঞ্চ CCTOA ক আলোচনাৰ বাবে আমন্ত্ৰণ ৰাজ্য চৰকাৰৰ

latter

CCTOA:

ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰস্তাৱ মন্ত্ৰীগোটে অসম বিধানসভাত দাখিল কৰাৰ পিচৰে পৰা ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে জনজাতি সকলৰ যৌথ মঞ্চ CCTOA ই ৷

CCTOAৰ যুদ্ধংদেহি স্থিতিৰ মাজতে CCTOAৰ নেতৃত্বক আলোচনাৰ বাবে আমন্ত্ৰণ কৰিছে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অৱৰ সচিব কংকন ভাগৱতীয়ে ৷ CCTOAৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীলৈ পত্ৰ প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰত চাৰি ডিচেম্বৰত জনতা ভৱনত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক বৈঠকত অংশ ল’ব মন্ত্রীগোটৰ আহ্বায়ক ডাঃ ৰণোজ পেগু,সদস্যদ্বয় কেশৱ মহন্ত আৰু পীযূষ হাজৰিকাও উপস্থিত থাকিব ৷

উল্লেখ্য যে পত্ৰ খনত উল্লেখ কৰা অনুসৰি প্ৰয়োজনত পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিত হ’ব CCTOAৰ নেতৃত্বৰে I

Exit mobile version