Rajasthan:✒️ধাৰণা কৰাতকৈ বহু পূর্বেই ভাৰতত মুদ্ৰাৰ প্ৰচলন ঘটিছিল। আনকি খ্রীষ্টপূর্ব সপ্তম শতিকাতে ভাৰতত মুদ্রাৰ প্ৰচলন আৰম্ভ হোৱাৰ তথ্য শেহতীয়াভাবে উদ্ধাৰ হৈছে। এই কথা অনুমানৰ ভিত্তিত কোৱা কথা নহয়।
শেহতীয়াভাৱে ৰাজস্থানৰ ভৰতপুৰৰ বহজ নামৰ এক চুবুৰিত উদ্ধাৰ হোৱা কেতবোৰ প্রাচীন মুদ্রাই এই কথা প্রতিপন্ন কৰিছে। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ এজন অধীক্ষক পুৰাতত্ত্ববিদে সদৰী কৰা মতে ভৰতপুৰত উদ্ধাৰ হোৱা প্রাচীন মুদ্রাসমূহে ভাৰতৰ মুদ্রাৰ ইতিহাসত নতুন তথ্যৰ সংযোজন ঘটাইছে।
এই সম্পর্কত বিনয় গুপ্তা নামৰ এজন পুৰাতত্ত্ববিদে এক গৱেষণাপত্রও ৰচনা কৰিছে। গুপ্তাৰ ‘দি আর্লিয়েষ্ট কইনেজ অব ভাৰত এজ আনআর্থেড ফ্রম বহজ এক্সাভেছন’ (বহজৰ খননৰ জৰিয়তে উদ্ধাৰ হোৱা ভাৰতৰ প্ৰাচীনতম মুদ্রা ব্যৱস্থা) শীর্ষক গৱেষণাপত্ৰত ভাৰতৰ মুদ্রা ব্যৱস্থা সম্পৰ্কত অৱলোকন কৰা হৈছে।
এই গৱেষণাপত্রত কোৱা হৈছে যে ভাৰতত প্রাক-মৌর্য যুগৰ অন্তিম সময়তে ভাৰতত মুদ্রাৰ প্ৰচলন আছিল। অর্থাৎ ইয়াৰ জৰিয়তে প্রমাণ হয় যে প্রাক-মৌর্য যুগৰ অন্তিমফালে অঞ্চলটোত ব্যবসায়-বাণিজ্য চলিছিল। মুদ্রা অধ্যয়নৰ দিশৰ পৰা এই আৱিষ্কাৰ অতি গুৰুত্বপূর্ণ বুলিও পুৰাতত্ত্ববিদসকলে মন্তব্য কৰিছে।
ভগৱান শ্রীকৃষ্ণৰ জন্মস্থান ব্রজ অঞ্চলৰ স’তে ৰাজস্থানৰ বহজৰ যোগসূত্র সম্পর্কীয় তথ্য উদ্ঘাটনৰ উদ্দেশ্যে পুৰাতত্ত্ববিদ গুপ্তাই অঞ্চলটোত চলোরা খননৰ সময়ত এই প্রাচীন মুদ্রা উদ্ধাৰ হয়। এই সম্পৰ্কত তেওঁৰ গরেষণাপত্রখনত লগতে কোরা হয়, ‘বহজত প্রাক-মৌর্য যুগৰ পৰা কুশান বাজত্বৰ অন্তিম সময়লৈ প্রচলিত মুদ্রা উদ্ধাৰ হৈছে।
ইয়ে এই অঞ্চলৰ ঐতিহাসিক তাৎপর্য আৰু গুৰুত্ব তুলি ধৰিছে।’ এই প্রাচীন মুদ্রাসমূহ ৰূপ আৰু তামৰ চাপ থকা। গুপ্তা আৰু তেওঁৰ সহযোগীসকলে খননৰ জৰিয়তে ২২০ টা প্রাচীন মুদ্রা উদ্ধাৰ কৰিছে। এই মুদ্রাসমূহৰ লগতে পুৰাতত্ত্ববিদৰ দলটোরে ৪৭ টা কড়িও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ইয়াৰে ১০১ টা মুদ্রা সম্পর্কীয় অধ্যয়ন সম্পন্ন কৰিছে গুপ্তাই। এই মুদ্রাসমূহত ৰূপৰ প্ৰলেপ আছে। পুৰাতত্ত্ববিদ গুপ্তাৰ মতে প্রাচীন বহজৰ লোকসকলে এই মুদ্রা ধর্মীয় পূজা-সেৱাৰ কামত ব্যৱহাৰ কৰিছিল।
পুৰাতত্ত্ববিদৰ দলটোৱে লগতে ২৩শ বছৰ পুৰণি ধর্মীয় পুজা-উপাসনাস্থলীও উদ্ধাৰ কৰিছে। তেওঁলোকে উদ্ধাৰ কৰা প্রাচীন মুদ্রাসমূহৰ কেতবোৰ কাপোৰেৰে মেৰিয়াই থোৱা অবস্থাত আছিল। এনেদবে কাপোৰেৰে মুদ্রা মেৰিয়াই থোৱা কাৰ্যই ধৰ্মীয় আচাৰ-অনুচাৰক ইংগিত কৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
উল্লেখ্য যে শেহতীয়াভাৱে বহজ অঞ্চল ভাৰতীয় পুৰাতত্ত্ববিদসকলৰ বাবে এক তাৎপর্যপূর্ণ স্থানত পৰিণত হৈছে। এই ক্ষেত্রত পূর্বে চলা খননে ইংগিত দিছিল যে অশোকৰ শিলালিপিতকৈ পূর্বে ব্রাহ্মীলিপি এই অঞ্চলত ব্যৱহাৰ হৈছিল। খননৰ সময়ত অঞ্চলটোত ব্রাহ্মীলিপিত লিখা হৰ্ডিঙৰ ধ্বংসাবশেষো উদ্ধাৰ হৈছিল। আনহাতে, গুপ্তাৰ মতে কুশান বংশৰ শাসনকালত কড়িৰ প্ৰচলন আছিল। মানুহে লেনদেনৰ বাবে মুদ্ৰাৰ লগতে কড়িও ব্যৱহাৰ কৰিছিল। অৱশ্যে পুৰাতাত্ত্বিক খননৰ সময়ত সততে কড়িক অৱহেলা কৰা হয় বুলি গুপ্তাই মতপোষণ কৰিছে। অথচ পুৰাতাত্ত্বিক খননত উদ্ধাৰ হোৱা কড়িয়ে একোটা যুগৰ মুদ্রা ব্যৱস্থাৰো তথ্য যোগান ধৰে।






























