ৰাজ্যৰ বিত্তীয় স্বাস্থ্যৰ উন্নয়ন সাধনৰে নজিৰবিহীন বিকাশৰ পথ নিৰ্মাণ কৰা বুলি ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দাবী কৰি অহাৰ সময়তে অসম চৰকাৰক বাস্তৱ ভিত্তিত বাজেট প্রস্তুত কৰিবলৈ পৰামৰ্শ দিলে দেশৰ মহাগাণনিকে। সদ্যসমাপ্ত অসম বিধানসভাৰ অধিবেশনত দাখিল কৰা মহানিয়ন্ত্রক তথা মহাগাণনিক (কেগ)ৰ প্রতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাৰ দুৰ্বল দিশসমূহ। অবাস্তব প্রস্তাৱৰ ওপৰত ভিত্তি কৰি বাজেট অনুদান, সম্পদৰ গতিশীলতাৰ সম্ভাৱনীয়তাৰ ওপৰত অতিমাত্রা হেঁচা প্রয়োগ, শোচনীয় বিত্তীয় পুনৰীক্ষণ ব্যৱস্থাৱলী, আঁচনি ৰূপায়ণৰ দুৰ্বল সামর্থ্যৰ লগতে দুর্বল আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ জৰিয়তে বিত্তীয় বৰ্ষৰ শেষার্ধত পুঁজি মোকলোৱা কার্যত কেগে অসন্তুষ্টি প্রকাশ কৰিছে।
কেগে স্পষ্ট কৰিছে যে আইনী কর্তৃত্ব অবিহনে ব্যয় উচিত নহয়। সংবিধানৰ অনুচ্ছেদ ২০৪ৰ ভিডিঅ’ অনুসৰি আইনৰ দ্বাৰা গৃহীত বিনিয়োজনৰ বাহিৰে ৰাজ্যৰ একত্ৰিত পুঁজিৰ পৰা কোনো ধৰণৰ ধন উলিয়াব নোৱাৰি। একেদৰে অসম বাজেট হাতপুথিৰ ২১২ৰ দফা ৮.৩ অনুসৰি বাজেটত ধার্য নকৰাকৈ পৰিপূৰক অনুদান বা বিনিয়োজনৰ আশাৰে অথবা পুনৰ বিনিয়োজনৰ মাধ্যমৰে পুঁজি ধার্য কৰাৰ পূর্বে কোনো শিতানৰ অধীনত ব্যয় কৰিব নোৱাৰি।
কেগৰ প্ৰতিবেদনত প্রকাশ যে ২০২৩-২৪ বর্ষত বাজেটৰ ব্যৱস্থা অবিহনে ‘পি ডি ৰাজহুৱা ঋণ আৰু ঋণ পৰিশোধ’ বিনিয়োজনৰঅধীনত আঠটা উপ-শিতানত ৩৮৩.৫৪ কোটি টকা ব্যয় কৰা হৈছিল। লগতে বাজেট ব্যৱস্থা অবিহনে ৫০ কোটি টকা অধিক ব্যয় কৰা হৈছে। কেগে কয়, ‘বাজেট অবিহনে ব্যয় কৰাটো বিত্তীয় নিয়মৰ লগতে বিধানসভাকো উলংঘা কৰা বুজায়। ইয়াৰ দ্বাৰা চৰকাৰী বিভাগসমূহত আর্থিক অনুশাসনৰ অভাৱৰ ইংগিত পোৱা যায়।’
অপ্রয়োজনীয়-অতিৰিক্ত পৰিপূৰক অনুদান ২০২৩-২৪ বৰ্ষৰ বাবে ১,৩৯,৭৫৫.২৭ কোটি টকাৰ মূল বাজেট অনুমোদনৰ উপৰি বিধানসভাই ৯৪টা খণ্ডৰ অধীনত ৬৫টা অনুদান-বিনিয়োজনত ৩০,২১০.৮৬ কোটি টকাৰ দুটা পৰিপূৰক অনুদানত অনুমোদন জনাইছিল। ইয়াৰে কেৱল ২০ টা অনুদান-বিনিয়োজনৰ ২২ টা খণ্ডৰ ক্ষেত্ৰত ২২,৪১৪.২৪ কোটি টকাৰহে পৰিপূৰক মঞ্জুৰিৰ প্ৰয়োজন আছিল। যিবোৰৰ চূড়ান্ত ব্যয় মূল বাজেট ব্যবস্থাতকৈ অধিক আছিল। অর্থাৎ ২১টা খণ্ডত ২৪,৬১৩.৯২ কোটি টকাৰ প্রকৃত আবণ্টন অত্যধিক প্রমাণিত হৈছিল।
৫৩টা অনুদান-বিনিয়োজনৰ ৭১টা খণ্ডত ৫৬২৮.১৪ কোটি টকাৰ পৰিপূৰক বাজেট অপ্রয়োজনীয় আছিল। মূল বাজেট আবণ্টনতকৈ প্রকৃত ব্যয় কম হোৱা সত্ত্বেও ২৫০ কোটি টকা অধিক পৰিপূৰক প্ৰদানৰ তথ্য প্রকাশ কৰে কেগে। কেগে কয়, ‘প্রয়োজন নোহোৱাকৈ পৰিপূৰক অনুদান বিচৰাটো ৰাজ্য চৰকাৰৰ দুৰ্বল বাজেট ব্যৱস্থাপনাৰ পৰিচায়ক। তদুপৰি এইটো স্পষ্ট যে বিভাগত আবণ্টন পুঁজিৰ উপযোগিতাৰ ক্ষেত্ৰত দক্ষতাৰ অভাৱ আছিল।’ কেগে কয় যে বাজেটৰ ব্যৱস্থা অবিহনে পুনৰ বিনিয়োজন কৰা হৈছিল।
৪৪টা উপ-শিতানত পুনৰ বিনিয়োজন অপ্রয়োজনীয় আছিল। কেগে কয় যে ২০২৩-২৪ বর্ষত সামগ্রিকভারে ৩০,৫১৬.৪৭ কোটি টকা সঞ্চয়ৰ ভিতৰত মাত্ৰ ০.৩৫ শতাংশ অর্থাৎ ১০৭.০৮ কোটি টকাহে সমর্পণ কৰা হৈছিল। যিয়ে দুর্বল বিত্তীয় ব্যৱস্থাপনাৰ স্পষ্ট ইংগিত দিয়ে।
অতিৰিক্ত ব্যয়ৰ কথাও কয় কেগে। ২০২৩-২৪ বৰ্ষত সংবিধানৰ অনুচ্ছেদ ২০৫ অনুসৰি, বাজেটৰ ব্যৱস্থাতকৈ ২১৭২.২৮ কোটি টকা অধিক ব্যয় কৰা হৈছিল। কেগৰ মতে, ধাৰ্য কৰা পৰিমাণতকৈ অতিৰিক্ত ব্যয়ে বিধানসভাৰ অনুমোদনৰ প্ৰয়োজনীয় ব্যৱস্থাৱলী উলংঘনৰ লগতে বেয়া পৰিকল্পনাৰ ইংগিত বহন কৰে। এনে অতিৰিক্ত ব্যয়ে বাজেট আৰু বিত্তীয় নিয়ন্ত্ৰণৰ প্ৰণালীক বিনষ্ট কৰে আৰু ৰাজহুৱা সম্পদৰ ব্যৱস্থাপনাত বিত্তীয় অনুশাসনহীনতাক উৎসাহিত কৰে।
কেগে কয়, ‘ৰাজ্য চৰকাৰে সম্ভাব্য সম্পদ সংগ্ৰহৰ নিৰ্ভৰযোগ্য ধাৰণা, বিভাগসমূহৰ প্ৰয়োজনীয়তা আৰু আবণ্টিত সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ সাম্যক ভিত্তি কৰি এক বাস্তবিক বাজেট প্রস্তুত হ’ব পাৰে।’






























