দেশজুৰি ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবে কেবাটাও বিমানবন্দৰত যাত্ৰীসকলৰ প্ৰতিবাদ

Indigo cover

IndiGo:✒️দেশজুৰী মহাবিপৰ্যয়ৰ মুখত ইণ্ডিগ’ এয়াৰলাইন্স। একেৰাহে দুদিন ধৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ কাম-কাজত গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ ফলত বহু বিমান সেৱা বাতিল আৰু পলম হৈছে। তৃতীয় দিনতো এই ধাৰা অব্যাহত আছিল।

বৃহস্পতিবাৰে আৰু বিমান সেৱা বাতিল কৰে বিমান সংস্থাটোৱে।যাৰ ফলত দেশৰ বিভিন্ন বিমানবন্দৰত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে বহু যাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

ইণ্ডিগ’ৱে বৃহস্পতিবাৰে দিল্লী, মুম্বাই, হায়দৰাবাদকে ধৰি দেশৰ কেবাখনো চহৰৰ পৰা অসংখ্য বিমান সেৱা বাতিল কৰে। ফলত যাত্ৰীসকলে চৰম কষ্টৰ সন্মুখীন হৈছে। তথ্য অনুসৰি, আজি পুৱা দিল্লীৰ পৰা কমেও ৩০খন ইণ্ডিগ’ৰ বিমান বাতিল কৰা হয়।

হায়দৰাবাদতো একেধৰণৰ পৰিস্থিতি। তাৰ পৰা মুঠ ৩৩খন বিমান বাতিল কৰিছে বিমান সংস্থাটোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে। তথ্য অনুসৰি তেওঁলোকে ইতিমধ্যে ইণ্ডিগ’ৰ বিষয়াক মাতিছে।

ইফালে বিমান সংস্থাটোৰ অন-টাইম প্ৰদৰ্শন ক্ৰমাগতভাৱে ৩৫ শতাংশলৈ হ্ৰাস পাইছে। দুই ডিচেম্বৰত মাত্ৰ ৩৫ শতাংশ বিমান আৰু এক ডিচেম্বৰত ৪৯.৫ শতাংশ বিমানে সময়মতে উৰা মাৰিছিল।এই প্ৰদৰ্শনৰ ফলত দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৱে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।উল্লেখ্য যে, বুধবাৰে দেশৰ একাধিক বিমানবন্দৰৰ পৰা মুঠ ২০০খন বিমান বাতিল কৰে ইণ্ডিগোৱে।

Exit mobile version