Putin:✒️সকলো ঠিকে থাকিলে আজি সন্ধিয়া ভাৰতত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।
ADVERTISEMENT
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু অপাৰেচন সিন্দূৰৰ আৰম্ভ হোৱাৰ পাছত পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ কেবাটাও কাৰণত তাৎপৰ্যপূৰ্ণ।
দুদিনীয়া এই ভ্ৰমণত প্ৰতিৰক্ষা, বাণিজ্য, শক্তি, নিয়োগ, ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ভাৰতৰ কূটনৈতিক স্থিতি আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তেও ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ কথা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ।






























