আশংকাক সত্য প্রমাণিত কৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্যই অতিক্ৰম কৰিলে ৯০ টকাৰ সীমা। ধাৰাবাহিক পতনৰ পৰিণতিত এক ডলাৰৰ তুলনাত বুধবাৰে টকাৰ মূল্য হ্রাস পায় ৯০.২৯ লৈ। ভাৰতীয় টকাৰ মূল্যৰ এই বৃহৎ স্খলনে এই মুদ্ৰাৰ অধোগতিৰ ক্ষেত্ৰত এক সর্বকালৰ অভিলেখ সৃষ্টি কৰিলে। মঙলবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৮৯.৯৪৭৫।
একেৰাহে বৈদেশিক মুদ্রাৰ বজাৰত টকা স্থিতিশীল হোৱাৰ কোনো লক্ষণ নাই। বিশ্বজুৰি বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা সঞ্চিত পুঁজি উলিয়াই নিয়াৰ ফলত নজিৰবিহীনভাৱে ভাৰতীয় মুদ্রাৰ দৰ অটল গহ্বৰত পতিত হৈছে। অধিকাংশ দেশৰে স্থানীয় মুদ্রাৰ বিপৰীতে ডলাৰ শক্তিশালী হোৱা বাবে বিগত কে’বা সপ্তাহ ধৰি এই প্রৱণতাই দেখা দিছে।
দুর্বল বাণিজ্য, নিৰৱচ্ছিন্ন ৰপ্তানিকাৰীৰ যোগান আৰু ভাৰত-মার্কিন বাণিজ্য চুক্তিক লৈ অনিশ্চিয়তাৰ ফলতে টকাৰ মূল্য হ্রাস পোৱা বুলি কোৱা হৈছে।
মঙলবাৰে এক ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪২ পইচা হ্রাস পাই হৈছিল ৮৯.৯৫ টকা। আজি বজাৰ খোলাৰ পাছত পুৱাৰ ভাগত প্রায় ১০ বজাত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ১৫ পইচা হ্রাস পায়। টকাৰ মূল্য সর্বকালৰ সর্বনিম্ন হয় আজি। কিহৰ বাবে এইদৰে টকাৰ মূল্যৰ পতন ঘটিছে। এই মূল্য পতনৰ ফলত তাৎক্ষণিকভাবে ঘৰুৱা বজাৰত ইয়াৰ প্রভাব দেখা যায়। ?
দুৰ্বল টকাৰ মাধমাৰ ক’ত ক’ত
টকাৰ মূল্যৰ অধঃপতনৰ ফলত আমদানিকৃত সামগ্রী অধিক ব্যয়বহুল হ’ব। খাৰুৱা তেলৰ পৰা ইলেকট্ৰ’নিক সামগ্ৰীৰ বর্ধিত মূল্যই মুদ্রাস্ফীতিৰ সৃষ্টি কৰিব পাৰে বুলিও আশংকা কৰা হৈছে। ইয়াৰ উপৰি অসামৰিক বিমান পৰিবহণ, অট’ম’বাইল আৰু দৰব আদিত বিদেশী মুদ্রা লেনদেন নিৰ্ভৰ খণ্ডসমূহৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। মাত্র সেয়ে নহয় বিদেশত শিক্ষা গ্রহণ কৰি থকা শিক্ষার্থীসকলক নীৰৱে মাধমাৰ শোধাব দুর্বল টকাই। তথ্য অনুসৰি, ২০২৪ত উচ্চ শিক্ষা গ্রহণৰ বাবে ৭.৬ লাখ শিক্ষার্থী ভাৰতৰ বাহিৰলৈ গৈছে। ২০২৫ৰ আৰম্ভণিত ক্রমশঃ দুৰ্বল হ’বলৈ ধৰা টকাৰ মূল্য ডলাৰৰ বিপৰীতে ৮৪ আছিল আৰু সম্প্রতি সাত শতাংশ অধপতন ঘটি ৯০ হৈছে। ফলত বিদেশত অধ্যয়নৰ ব্যয়। আকাশলংঘী হ’ব। বিদেশত শিক্ষাগ্রহণ কৰা ছাত্র-ছাত্রীসকলৰ প্ৰতিটো ক্ষেত্রতে যেনে টিউচন মাচুল, থকা-মেলাৰ ব্যৱস্থা, ভিছা, কনচালটেন্সীৰ পৰা আৰম্ভ কৰি দৈনিক ব্যয় ঘৰুৱা মুদ্রা দুৰ্বল হোৱাৰ ফলত বহুগুণে বৃদ্ধি পাব। এক তথ্য অনুসৰি, কে’বা লাখ বৃদ্ধি হ’ব টিউচন মাচুল।
বিশ্লেষকসকলৰ মতে, টকাৰ স্থিৰতাৰ অপেক্ষাত থকা ব্যবসায়ীসকল বুধবাৰে ক্রমশঃ শংকিত হ’বলৈ ধৰে। আজি বজাৰে ভাৰত-মার্কিন বাণিজ্য আলোচনাৰ স্পষ্টতাৰ ওপৰতো দৃষ্টি ৰাখে বুলি বিশ্লেষক মহলে কয়। দুর্বল ভাৰতীয় মুদ্রাই মুদ্রাস্ফীতি আৰু বিদেশী বিনিয়োগৰ ওপৰতো উদ্বেগ কঢ়িয়াই আনে। যাৰ ফলত আজি বজাৰ আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে ছেনছেক্সৰ পৰিমাণ দুশ পইন্ট হ্রাস পায়। ঘৰুৱা ইকুরেটী বজাৰৰ ওপৰতো টকাৰ ছন্দপতনে গভীৰ প্ৰভাৱ পেলায়। নিফটীৰ সূচকাংক ২৬ হেজাৰৰ তললৈ অৱনমিত হয়। ইয়াৰ দ্বাৰা বিনিয়োগকাৰীসকলৰ গভীৰ উদ্বেগৰ প্রতিফলন ঘটা বুলি কয় বিশ্লেষকে। এনে বিশ্লেষকৰ মতে, ‘টকাৰ পতন থমকি ৰোৱাই নহয়, ইয়াৰ চকৰিয়ে পুনৰ ওলোটাকৈ ঘূৰিব যদিহে ভাৰত-মার্কিন বাণিজ্য চুক্তি বাস্তবতে সম্পন্ন হয়। এই মাহতে চুক্তি সম্পন্ন হোৱাৰ কথা। অবশ্যে এই চুক্তিমর্মে ভাৰতৰ ওপৰত কিমান পৰিমাণৰ শুল্ক আৰোপ কৰা হ’ব সেই বিষয়ৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব।’
উল্লেখ্য যে বুধবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ আৰম্ভণি আছিল একেবাৰে হৈ-চৈ বিহীন। যেনে-তেনে ঘূৰিছিল বজাৰৰ চকৰি। বজাৰৰ আৰম্ভণিতে ছন্দ হেৰুৱায় এইছইউএল, টাইটান, টাটা মট’ৰ্ছ পিভি, বাজাজ, কোটাক বেংক, আল্ট্রাটেক চিমেন্ট, মাৰুতি ছুজুকী, পাৱাৰগ্ৰীড, আইটিচি আদিয়ে। বিশ্লেষকসকলে কয়, ‘টকাৰ ধাৰাবাহিক পতন সম্প্রতি এক গভীৰ উদ্বেগৰ বিষয় আৰু যিহেতু ৰিজার্ভ বেংক অব ইণ্ডিয়া (আৰবিআই) ই টকাৰ সহায়ৰ বাবে কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই, সেয়েহে অধিক পতনৰ আতংকৰ সৃষ্টি হৈছে।’ আৰবিআইৰ নীৰৱতাই বজাৰত তীব্র ভীতিগ্রস্ততাৰ সৃষ্টি কৰিছে।
ছিংগাপুৰৰ এইছএছবিচিত এছিয়া এফেক্স গবেষণাৰ মুৰব্বী জ’য়েই চীউবে কয়, ‘ক্রমশঃ বিদেশী বিনিয়োগকাৰীয়ে ধৈর্য হেৰুৱাবলৈ ধৰিছে।’ অক্টোবৰৰ পাছৰে পৰা বাণিজ্য চুক্তিৰ জৰিয়তে বিনিয়োগৰ প্ৰবাহ একপ্ৰকাৰ নাই বুলি তেওঁ কয়। চলিত বৰ্ষত ভাৰতীয় ইকুইটা (স্বত্ত/মূলধন)ৰ পৰা ১৭ বিলিয়ন মার্কিন ডলাৰ (১৫,৩২,৯৫,৮০,০০,০০০.০০ টকা) উলিয়াই নিয়ে। সমান্তৰালভাবে মুঠ প্রত্যক্ষ বিদেশী বিনিয়োগ আৰু বিদেশী বাণিজ্যিক ঋণ দুৰ্বল হৈ টকাৰ ওপৰত চাপ অধিক শোচনীয় কৰি তুলিছে। বিনিয়োগকাৰী আৰু বেংকাৰসকলে কয় যে বহু মাহ ধৰি স্থবিৰ হৈ থকা ভাৰত-মার্কিন বাণিজ্য আলোচনাত চমকপ্রদ ফলাফল ওলালেহে টকাই সকাহৰ মুখ দেখিব। এইছডিএফচি বেংকৰ মুখ্য অর্থনীতিবিদ সাক্ষী গুপ্তাই কয়, যিমানেই বাণিজ্য চুক্তি সম্পন্ন কৰাত পলম হ’ব সিমানেই টকাৰ ওপৰত চাপ অব্যাহত থাকিব।
আৰবিআইৰ ক্ষীণ হস্তক্ষেপ, বৃদ্ধি পাইছে জল্পনা
ভাৰতীয় মুদ্রাৰ এই শোচনীয় পতনত আৰবিআইৰ ভূমিকা এক চর্চিত বিষয় হৈছে। ক্রমশঃ শক্তিশালী হ’বলৈ ধৰা ডলাৰে চেপিছে ভাৰতীয় টকাক। ইপিনে, তুলনামূলকভাবে আৰবিআইৰ হস্তক্ষেপ অতি ক্ষীণ বুলি কোৱা হৈছে। সূত্রত প্রকাশ যে ডলাৰ-টকাক পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিয়াৰ ফলত আৰবিআইৰ অনীহাই অধিক জল্পনাৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে প্রশ্ন উঠিছে যে টকাৰ মূল্য সর্বকালৰ সর্বনিম্ন হ’ল। শ্বেয়াৰ বজাৰৰ একাংশ বিশেষজ্ঞৰ মতে, বাণিজ্য-অর্থনীতিসহ বিভিন্ন কাৰণত কোনেও দীঘলীয়া বিনিয়োগ কৰিবলৈ সাহস সঞ্চয় কৰিব পৰা নাই। ইপিনে, ভূতৰ ওপৰত দানহ পৰা দি বিশ্ববজাৰৰ অস্থিৰ পৰিস্থিতিয়ে অধিক জটিল কৰিছে পৰিস্থিতি। ফলত শ্বেয়াৰ বজাৰৰ সুচকাংকও নিম্নমুখী হ’বলৈ ধৰিছে। ভাৰতৰ বজাৰৰ পৰা বিদেশী বিনিয়োগ ওলাই যোৱাৰ লগে লগে টকাৰ মূল্য হ্রাস পাবলৈ ধৰিছে। বজাৰৰ এনে পৰিস্থিতিত একাংশ বিত্তীয় বিশেষজ্ঞসকলে আৰবিআইৰ হস্তক্ষেপ দাবী কৰে। কিছুদিন পূর্বে আৰবিআইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই স্পষ্ট কৰি দিয়ে যে বজাৰৰ যোগান-চাহিদাৰ গণিতেই হৈছে মূল কাৰণ। তেওঁলোকে মুদ্রাৰ মূল্যত হস্তক্ষেপ কৰিব নিবিচাৰে। কিন্তু পানী মূৰৰ ওপৰলৈ যোৱাৰ বাবে আৰবিআইৰ হস্তক্ষেপ অতি জৰুৰী বুলি একাংশ অর্থনীতিবিদে মন্তব্য কৰে।






























