Archaeologists:✒️এক অকল্পনীয় আৱিষ্কাৰৰ গৰাকী হ’ল ইষ্ট’নিয়াৰ টার্টু বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকল। এই বিজ্ঞানীসকলে ১০ হেজাৰ পাঁচশ বছৰ পুৰণি এটা ছুইংগাম শেহতীয়াভাৱে উদ্ধাৰ কৰিছে। তেতিয়া পৃথিৱীত প্ৰস্তুৰ যুগ চলি আছিল। ১০ সহস্র বছৰৰ পাছত উদ্ধাৰ হোৱা এই ছুইংগাম পৰীক্ষা কৰি বিজ্ঞানীসকলে তথ্য পোহৰলৈ আনিছে যে এগৰাকী কিশোৰীয়ে এই ছুইংগাম ফালি-চিৰি পেলাই দিছিল।
অৱিশ্বাস্য যেন লাগিলেও সত্য যে কিশোৰীগৰাকীৰ চেহেৰাও এই বিজ্ঞানীসকলে ধৰা পেলাবলৈ সক্ষম হৈছে। এই সম্পর্কত টার্ট বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু প্রত্নতত্ত্ব বিভাগৰ গৱেষকসকলে কয় যে প্রস্তৰ যুগৰ এই ছুইংগাম প্ৰকৃততে এবিধ গছৰ ছাল আছিল।
এই ছুইংগামত কিশোৰীগৰাকীৰ দাঁতৰ দাগ উদ্ধাৰ হৈছে। এই দাগৰ ডিএনএ পৰীক্ষাৰ জৰিয়তে বিজ্ঞানীসকলে কিশোৰাগৰাকীৰ চেহেৰা সম্পৰ্কে ধাৰণা কৰিবলৈ সক্ষম হৈছে।
তেওঁলোকৰ মতে কিশোৰীগৰাকীৰ চুলিৰ ৰং বাদামী আছিল। একেদৰে তেওঁৰ চকুৰ মণিৰ ৰঙো বাদামী আছিল। এই সম্পর্কত ইতিহাসবিদ বেটানী হিউৱে জনায় যে ইষ্ট’নিয়াৰ উক্ত বিশ্ববিদ্যালয়ত দেশখনৰ জনসংখ্যাৰ ২০ শতাংশৰ ডিএনএ নমুনা সংগ্ৰহ কৰি ৰখা হৈছে।
ইয়াৰ জৰিয়তে বিজ্ঞানীসকলে বৰ্তমানৰ মানুহৰ স’তে প্রাচীন কালৰ মানুহৰ তুলনা কৰিবলৈ সক্ষম হৈছে। এই সম্পর্কত বেটানীয়ে লগতে কয়, ‘হেজাৰ হেজাৰ বছৰ পূৰ্বৰ মানুহে দাঁতৰ বিষৰ পৰা উপশম পাবলৈ বাৰ্ছ নামৰ এবিধ বিশেষ গছৰ ছাল চোবাইছিল। বহুতে এই গছৰ ছালক ছুইংগামৰ দৰে চোবাইছিল।’
শেহতীয়াভারে টার্ট বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে উদ্ধাৰ কৰা ছুইংগাম হৈছে এই গছৰ ছাল। কাৰণ প্ৰস্তৰ যুগৰ মানুহৰো এনে গছৰ ছাল চোবোৱাৰ অভ্যাস আছিল। উল্লেখ্য যে প্রচলিত ধাৰণা অনুসৰি উত্তৰ ইউৰোপৰ মানুহৰ চুলিৰ ৰং সোণালী আৰু চকুৰ মণিৰ ৰং নীলা হয়।
কিন্তু শেহতীয়াভাৱে উদ্ধাৰ হোৱা প্ৰস্তৰ যুগৰ ছুইংগাম ডোখৰৰ জৰিয়তে প্রমাণ হৈছে যে সেই ছুইংগাম চোবোৱা কিশোৰীগৰাকীৰ চুলি আৰু দাঁতৰ ৰং বাদামী আছিল। গতিকে এই আৱিষ্কাৰে উত্তৰ ইউৰোপৰ মানুহৰ ক্ষেত্রত থকা এটা ধাৰণাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই সম্পর্কত অধিক তথ্য উদ্ধাৰৰ উদ্দেশ্যে ইতিমধ্যে গৱেষণা আৰম্ভ হৈছে। এই ক্ষেত্রত টার্টু বিশ্ববিদ্যালয়েও অগ্রণী ভূমিকা পালন কৰিছে।
ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে আঠশ বছৰ পুৰণি এক ধাতর ‘ক্ৰছ’ উদ্ধাৰ কৰে। এই ‘ক্ৰছ’ত বংশবৃদ্ধিৰ চিত্ৰ অংকন আছে। এই ‘ক্রুছ’ এগৰাকী মহিলাৰ সমাধিস্থলত উদ্ধাৰ হয়। মহিলাগৰাকীৰ বয়স ৫০ বছৰৰ ওচৰে-পাঁজৰে আছিল বুলি বিজ্ঞানীসকলে তথ্য উদ্ধাৰ কৰিছে। তদুপৰি তেওঁৰ সমাধিৰ ওচৰত ব্রঞ্জ, ৰূপৰ গহনা, চৰাইৰ পাখি আদি উদ্ধাৰ হয়। ইয়াৰ দ্বাৰা এই সিদ্ধান্তত বিজ্ঞানীসকল উপনীত হৈছে যে শ শ বছৰ পূৰ্বে উত্তৰ ইউৰোপত মৃতকক সমাধিস্থ কৰা হৈছিল।






























