Simone Tata:✒️ছিমন টাটাৰ দেহাৱসান।দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত ব্ৰিচ কেণ্ডি হাস্পতালত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ছিমন টাটাই।
ADVERTISEMENT
টাটা গ্ৰুপৰ অধ্যক্ষ নোৱেল টাটাৰ মাতৃ আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ ।
তথ্য অনুসৰি বছৰৰ আৰম্ভণিৰ পৰাই ছিমন অসুস্থ হৈ আছিল।
তেওঁ ডুবাইত চিকিৎসাধীন হৈ আছিল। তাৰ পৰা আগষ্ট মাহত দেশলৈ উভতি আহে আৰু ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয়।
শুকুৰবাৰে পুৱা তাতেই তেওঁৰ মৃত্যু হয়। ছিমনৰ মৃত্যুৰ খবৰে এতিয়া উদ্যোগটোত শোকৰ ছাঁ পেলাইছে।
উল্লেখ্য যে,আজি এক বিবৃতিযোগে টাটা গ্ৰুপে ছিমনৰ মৃত্যুৰ খবৰ ঘোষণা কৰে।






























