New cricket stadium opens in Umrangso:
অসম ক্ৰীড়া মানচিত্ৰত নতুন সংযোজন ৷ পাৰ্বত্য জিলা ডিমা হাছাওৰ উমাৰাংছত বৃহস্পতিবাৰে মুকলি কৰা হ’ল এচিএ ক্ৰিকেট ষ্টেডিয়াম ৷ষ্টেডিয়াম খন মুকলি কৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত ষ্টেডিয়ামখন নিৰ্মাণ কৰি উলিয়াইছে অসম ক্ৰিকেট সন্থাই ৷ষ্টেডিয়ামখনৰ লগতে আছে অত্যাধুনিক পেভিলিয়নো।
এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেৱলাল গার্লোছাই । ষ্টেডিয়াম খন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়, প্ৰকৃতিৰ সৌন্দৰ্য্যৰ অন্যতম আকৰ উমাৰাংছত আজি উদ্বোধন হোৱা এচিএ এই ষ্টেডিয়াম খনৰ জৰিয়তে আগন্তুক পাঁচ- দহ বছৰৰ ভিতৰত উমাৰাংছৰ পৰা ওলাব ভাল ক্ৰিকেটাৰ ৷ যেনেকৈ বোকাখাতৰ গাঁৱৰ পৰা গৈ বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলত অন্তর্ভুক্ত হৈছিল উমা চেত্রী ৷ তেনেকৈ এদিন উমাৰাংছৰ পৰাও ওলাব ভাল ক্ৰিকেটাৰ ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে ডিমা হাছাওৰ ক্ৰিকেট ষ্টেডিয়ামৰ কাষতে থাকিব ফুটবল ষ্টেডিয়াম ৷ অহা বছৰ ভাৰতৰ তাৰকা ক্ৰিকেটাৰক আমন্ত্রণ জনাই অনুষ্ঠিত কৰা হ’ব মেচ ৷ দেশ – বিদেশৰ পৰা অহা প্ৰতি গৰাকী দৰ্শকে উমাৰাংছৰ নৈসৰ্গিক দৃশ্য চাই পুলকিত হ’ব ৷ উমাৰাংছ সদায় চিৰ তৰুণ হৈ থাকিব ৷
উদ্বোধনী অনুষ্ঠানত বিচিচিআইৰ সচিব দেবজিৎ লন শইকীয়া,অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, ক্ৰীড়া মন্ত্ৰী নন্দিতা গার্লোছা সহ বহু কেই গৰাকী আমোলা ।




































