Deadly Border Fighting:
পাকিস্তান আৰু আফগানিস্তানৰ মাজত পুনৰ আৰম্ভ হৈছে সংঘৰ্ষ। তথ্য অনুসৰি শনিবাৰে গভীৰ নিশা দুয়োখন দেশৰ সৈন্যই গুলীচালনা আৰম্ভ কৰে। তথ্য অনুসৰি আফগানিস্তানৰ স্পিন বল্ডক অঞ্চলত গুলীচালনা আৰম্ভ হোৱাৰ পাছতে স্থানীয় বাসিন্দাসকলে সেই অঞ্চলৰ পৰা পলায়ন কৰে।
দুয়োপক্ষই যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।তথ্য অনুসৰি ,গুলিচালনত কান্দাহাৰৰ সমীপৱৰ্তী এখন চহৰৰ এখন চিকিৎসালয়ৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে আন তিনিজন লোক আহত হৈছে।
উল্লেখ্য যে পাক সীমান্তৰ ২৫০০ কিলোমিটাৰতকৈও অধিক অংশ আফগান সীমান্তৰ লগত সংলগ্ন। তেনে এটা অঞ্চল হ’ল স্পিন বল্ডক। গভীৰ নিশা তাতেই আৰম্ভ হয় এই সংঘৰ্ষ।
উল্লেখ্য যে যোৱা মাহৰ পৰা ডুৰাণ্ড লাইনক লৈ তালিবান আৰু পাকিস্তানৰ মাজত নতুন সংঘাতৰ সূচনা হৈছে। এই সংঘাতৰ ফলত দুয়োপক্ষৰ ব্যাপক ক্ষয়-ক্ষতি হৈছে।
এই পৰিস্থিতিত যুদ্ধবিৰতিৰ লক্ষ্যৰে তুৰ্কি আৰু কাটাৰৰ মধ্যস্থতাত পাকিস্তান আৰু আফগানিস্তানৰ মাজত তিনিখন বৈঠক অনুষ্ঠিত হৈছে। যদিও সেই বৈঠকসমূহৰ পৰা কোনো সমাধান উলিয়াব পৰা নাই।
ইছলামবাদে তালিবানে টিটিপিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সদস্যসকলক গতাই দিবলৈ দাবী জনাইছে। একে সময়তে ডুৰাণ্ড লাইনৰ কাষেৰে এটা বাফাৰ জ’ন সৃষ্টি কৰাৰ দাবী।
অৱশ্যে,টিটিপিক আশ্ৰয় দিয়াৰ অভিযোগ অস্বীকাৰ কৰি আফগানিস্তানে ডুৰাণ্ড লাইনক লৈ পাকিস্তানৰ দাবী নাকচ কৰিছে। ফলত সংঘাত অব্যাহত আছে।
আফগানিস্তানৰ যুদ্ধত পৰাজিত হ’লে চৰকাৰক উৎখাত কৰাৰ হুংকাৰো দিছে তালিবানে।
ইফালে ইছলামবাদে সকীয়াই দিছে যে যদি আফগানিস্তানে মিলনৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে তাত থকা চৰকাৰ সলনি হ’ব। কাবুলৰ চৰকাৰ বিৰোধী গোটক পাকিস্তানে সম্পূৰ্ণ সহায় আগবঢ়াব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে।
