Uttar Pradesh:✒️বিবাহ অনুষ্ঠান! চাৰিওফালে নাচ-গান আৰু উখল মাখল পৰিৱেশ।ইয়াৰ মাজতে শূণ্যলৈ গুলী চালনা। আৰু সেই উদযাপনৰ মূহুৰ্তই যেন কঢ়িয়াই আনিলে তীব্ৰ শোক!
গুলিবিদ্ধ হৈ প্ৰাণ হেৰুৱালে দুই নাবালকে। শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ ইটানগৰত সংঘটিত হয় এই কৰুণ ঘটনা। মৃতকৰ নাম চুহালী (১২) আৰু শ্বাহখাদ (১৭)।
ঠিক কি হৈছিল? সেই নিশা ইটাহাৰৰ উমাই আছাদনগৰ গাঁৱত পাk-বিবাহৰ অনুষ্ঠান চলি আছিল। সকলোৱে নাচ,গান কৰি আনন্দ কৰি আছিল।
সেই সময়ত হঠাৎ আনন্দত শূণ্যলৈ গুলীচালনা কৰিলে এজন ব্যক্তিয়ে। অভিযোগ অনুসৰি সেই গুলীচালনাত দুজন নাবালক নিহত হয়। তথ্য অনুসৰি, নিহত এজনৰ থিতাতে মৃত্যু হয়।
আন এজন নাবালকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পাছত তেওঁৰ তাতেই মৃত্যু হয়।
এই তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্ত আৰম্ভ কৰা হৈছে।






























