Uttar pradesh :✒️নৈৰ পাৰত বাস কৰা মানুহৰ বাবে নৈ দৈনন্দিন জীৱনৰ অংগতে পৰিণত হোৱা বুলি কোৱা হয়। ইতিহাসে ঢুকি নোপোৱা যুগৰ পৰা নৈৰ পাৰৰ বাসিন্দাসকলৰ মনোজগতত সদায়ে নৈয়ে স্থান লাভ কৰি আহিছে। উৎসৱ-পার্বণ ধর্মীয় অনুষ্ঠান আদিতো একোখন নৈ নৈপৰীয়া লোকৰ ৰাজহুৱা স্মৃতিৰ অংগত পৰিণত হয়। নৈক লৈ এইসকলে বহু কল্পনা কৰে। সদায়ে নৈখন বৈ থকাটো বিচাৰে। কাৰণ নৈয়ে খোৱাপানীৰ যোগান ধৰাৰ উপৰি কৃষি কৰ্মতো সহায় কৰে।
উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ তামছা নৈ বালি-পলস-বোকা জমা হৈ নৈখনৰ গৰ্ভ বাম হৈ পৰে। নৈখন খননৰ বাবে চৰকাৰেও ব্যৱস্থা লোৱা নাছিল। সেয়েহে নৈখনৰ পাৰৰ ১১১ খন গাঁও পঞ্চায়তৰ লোক সমৱেত হৈ নৈখনৰ বুকুৰ পৰা বোকা-পলস আঁতৰাই পানী পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ সিদ্ধান্ত লয়।
ৰাইজে নখ জোঁকাৰিলে নৈ বয়, এই বাণী সাৰোগত কৰি অলপতে এই গাঁওসমূহৰ ৰাইজে নৈখনৰ বুকুৰ পৰা বোকা-পলস আঁতৰোৱাৰ কাম আৰম্ভ কৰে। অবিশ্বাস্য যে নৈখনৰ ৮৯ কিলোমিটাৰ দৈর্ঘ্য সাধাৰণ লোকেই খনন কৰি নৈখন পূৰ্বৰ দৰে গভীৰ কৰি তোলে। কাজেই ইয়ে কেন্দ্রীয় চৰকাৰৰ নমামি গংগা কৰ্মসূচীৰ বাবে এক উদাহৰণত পৰিণত হৈছে।
স্বাভাৱিকতে এই কাম একেদিনাই সম্পন্ন হোৱা নাছিল। এক সুচিন্তিত পৰিকল্পনা, সহযোগিতাৰ জৰিয়তেহে এই কর্ম সম্পন্ন হয়।সংশ্লিষ্ট গাঁও পঞ্চায়তৰ প্রতিনিধিসকলে পৰিকল্পনা প্রস্তুতত সহযোগিতা আগবঢ়ায় আৰু গাঁৱৰ পৰ্যায়ত ইয়াৰ ৰূপায়ণ নিৰীক্ষণ কৰে। লক্ষ্যণীয়ভাবে নৈখন খননৰ এই ধাৰণা প্রথম অৱস্থাত এখন গাঁৱৰ কিছু সংখ্যক লোকৰ এক অনানুষ্ঠানিক আলোচনাত বিবেচিত হয়। এই লোকসকলে আলোচনাত মতপোষণ কৰে যে স্বাস্থ্য, খেতি-বাতি আৰু দৈনন্দিন জীৱনত নৈৰ অতুলনীয় ভূমিকা আছে।
সেই অনুসৰি গাঁৱৰ ৰাইজে নৈখন খনন কৰি পুনৰুজ্জীৱিত কৰাৰ কথা দকৈ চিন্তা কৰিবলৈ ধৰে। অৱশেষত গাঁৱৰ ৰাইজৰ চিন্তা-ধাৰাৰ বিষয়ে পঞ্চায়ত প্রতিনিধিসকল অৱগত হয়। এই ৰাজহুৱা সিদ্ধান্তই ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰি লাভ কৰে। সংশ্লিষ্টসকলে সক্রিয়ভাৱে নৈৰ বুকু খননত অংশগ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে স্কুলীয়া ছাত্র-ছাত্রী, যুৱ সংঘ, মহিলা আত্মসহায়ক গোট, স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয় বাসিন্দাসকলৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে সজাগতা অভিযান চলোৱা হয়। এনেদৰে এই ১১১ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহৰ ৰাইজক সামূহিক স্বার্থত শ্রমদান কৰিবলৈ উৎসাহিত কৰা হয়। এই ৰাজহুৱা শ্রমদানৰ জৰিয়তে নৈৰ পাৰ আৰু ঘাটৰ পৰা প্লাষ্টিক, পলিথিন আৰু গোটা আৱৰ্জনাও আঁতৰ কৰা হয়।
নৈৰ বুকু খননৰ এই কাৰ্যসূচীৰ ক্ষেত্ৰত অনাময় কর্মীকো নিয়োগ কৰা হয়। প্রয়োজনীয় স্থানসমূহত ডাষ্টবিনো স্থাপন কৰা হয়। তদুপৰি এই অঞ্চলসমূহৰ লোকসকলৰ আৱৰ্জনা নিষ্কাসনৰ পূৰ্বে গোটা আৰু শুকান আৱৰ্জনা পৃথক কৰিবলৈ উৎসাহ জনোৱা হয়। উল্লেখ্য যে তামছা নৈ আম্বেদকাৰ নগৰ, অযোধ্যা আৰু আজমগড়ৰ মাজেৰে বৈ গৈ গংগাত পৰিছে।






























