Accident:
শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ ৰাজপথৰ মৃত্যুৰ কিৰিলি ৷ নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ দেওবাৰে নিশা যোগীঘোপাৰ বোৱালীমাৰীত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ বাহন পৰিল চম্পাৱতী নৈত ৷ থিতাতে সলিল সমাধি এজন আৰোহীৰ ৷ দুজনক স্থানীয় লোকে জীৱন্তে উদ্ধাৰ উদ্ধাৰ কৰে যদিও বৰ্তমানে সন্ধানহীন হৈছে আছে এজন আৰোহী ৷ জীৱন্তে উদ্ধাৰ হোৱা লোক দুজনৰ নাম জুব্বাৰ আলী আৰু আকিদুল ইছলাম ৷
ADVERTISEMENT
আনহাতে চম্পাৱতী নৈৰ বুকুত সন্ধানহীন লোকজনৰ সন্ধানত এছডিআৰএফে অভিযান আৰম্ভ কৰিছে ৷




































