Artist Rishi Kapil Khaund Memorial Trust:
শিল্পী ঋষি কপিল খাওন্দ সোঁৱৰণী ন্যাসৰ উদ্যোগত ২০১৪ চনৰ পৰা প্ৰচাৰ বিমুখ ,একক প্ৰচেষ্টাৰে , নিৰব সাধনাৰে অসাধাৰণ প্ৰতিভাশালী চিত্ৰ তথা ভাস্কৰ্য শিল্পী সকলক প্ৰদান কৰি অহা ‘ঋষি কপিল খাওন্দ সোঁৱৰণী বঁটা ২০২৫” আজি গুৱাহাটীৰ উজানবজাৰস্হিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত বিয়লি ৪.০০ বজাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়। এইবেলি এই বঁটা লাভ কৰে ব্যতিক্ৰমী চিত্ৰ শিল্পৰে সুকীয়া চিনাকি দাঙি ধৰিবলৈ সক্ষম হোৱা, জন্মতেই দুয়োখন হাত হেৰুওৱা অসমৰ এগৰাকী বিশেষ ভাৱে সক্ষম উদীয়মান চিত্ৰ শিল্পী প্ৰিঞ্চি গগৈয়ে।
এই বঁটাত আছে মানপত্ৰ, স্মাৰক, চেলেং চাদৰ, ফুলৰ থোপা আৰু ২৫ হাজাৰ টকা। জন্ম শতবৰ্ষত ভাৰতৰত্ন ড. ভূপেন হাজৰিকা দেব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানটিৰ আৰম্ভণিতে আকাশবাণী গুৱাহাটীৰ স্বীকৃতি প্ৰাপ্ত চেমনীয়া কণ্ঠশিল্পী শিল্পী নিবিড় চলিহাই এটি বৰগীত পৰিবেশন কৰে। ন্যাসৰ সভাপতি অৰ্পনা খাউণ্ডে সভাৰ উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ প্ৰদান কৰি অভ্যাগতসকলক আদৰণি জনায় আৰু বঁটাপ্ৰাপক শিল্পী গৰাকীৰ কৰ্মৰাজি সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশেষ প্ৰতিভাধৰ শিল্পী প্ৰিঞ্চি গগৈক আজি এই বঁটা প্ৰদান কৰে বিশিষ্ট সাংস্কৃতিক সংগঠক সুলেখিকা,গীতিকাৰ, ড. ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই ।বঁটা লাভ কৰি শিল্পী প্ৰিঞ্চি গগৈয়ে এয়া তেখেতৰ জীৱনৰ প্ৰথম ৰাজহুৱা স্বীকৃতি বুলি কৈ ন্যাসৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
অনাতাঁৰ শিল্পী তথা ঘোষক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা সভাখনত জেষ্ঠ সাংবাদিক- ,সাহিত্যিক দিলীপ চন্দন ,ন্যাসৰ উপ-সভাপতি বিশিষ্ট শিল্পী চিকিৎসক ডাঃ হিতেশ বৰুৱা দেঅনুষ্ঠানত উপস্থিত থাকি মনোজ্ঞ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ড. ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধা জনাই অনাতাঁৰ শিল্পী ৰিন্তিমণি ডেকাই ভূপেন হাজৰিকা দেৱৰ এটি চিৰযুগমীয়া গীত পৰিৱেশন কৰে। আনহাতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি দিব্যাংগ শিল্পী কিৰণ বালা দেৱী আৰু উদীয়মান শিল্পী জোনাক নিবিড় কাশ্যপে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে।
অনুষ্ঠানত জুবিন গাৰ্গৰ স্মৃতিত জোনা দাস ভট্টাচাৰ্য আৰু অৰ্পনা খাওন্দে ৰচনা কৰা দুটি কবিতা আবৃত্তি কৰে প্ৰাঞ্জল শৰ্মাই। ন্যাসৰ সম্পাদক তথা এগৰাকী জেষ্ঠ চিত্ৰ শিল্পী কিশোৰ কুমাৰ দাসে নিজৰ ভাষণত ন্যাসৰ ভবিষ্যত পৰিকল্পনাৰ কথা ব্যক্ত কৰি সকলোকে শলাগৰ শৰাই আগবঢ়ায়। সভাৰ শেষত উপস্থিত সকলোৱে সমস্বৰে জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত “আৰু ভূপেন হাজৰিকা দেৱৰ “মানুহে মানুহৰ বাবে” গীত দুটি পৰিবেশন কৰি অনুষ্ঠানটোৰ সামৰণি ঘোষণা কৰে।
ইতিপূৰ্বে এই বঁটা লাভ কৰা শিল্পী সকল হৈছে ক্ৰমে ভাস্কৰ্য শিল্পী ৰঞ্জিত বৰপূজাৰী, বোৱনী শিল্পী হেমপ্ৰভা চুটীয়া, কঁহাৰ শিল্পী মহেশ্বৰ ডেকা, মুখা তথা চিত্ৰ শিল্পৰ মুকবধিৰ শিল্পী গৌতম ভূঞা, ভাস্কৰ্য শিল্পী ফুলেশ্বৰ ডেকা, প্ৰয়াত চিত্ৰ শিল্পী হোমাৰ্নব বৰা ,ভাস্কৰ্য্য শিল্পী শ্যামকানু বৰা আৰু পৰেশ দাস আৰু চিত্ৰশিল্পী চন্দন চুটিয়া আৰু অজিত বনিয়া।




































