Kolkata Brigade Ground:
কলকাতাৰ ঐতিহাসিক ব্রিগেড গ্রাউণ্ডত আজি দুপৰীয়া লাখ লাখ লোকে একেলগে গীতা পাঠত অংশ ল’লে। সনাতন সংস্কৃতি সংসদ নামত অস্থায়ী এই সামুহিক গীতা পাঠ কার্যসূচী আয়োজন কৰিছিল। এই আয়োজনৰ উদ্দেশ্য আছিল সাধাৰণ লোকলৈ সনাতন ধৰ্মৰ মূল ভাৱনা আৰু গীতাৰ সাৰ্বভৌমিক বার্তা প্ৰেৰণ কৰা। কাৰ্যসূচীৰ অধ্যক্ষতা কৰিলে মহামণ্ডলেশ্বৰ স্বামী জ্ঞানান্দজী মহাৰাজে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল পদ্মভূষণ সাধ্বী ঋতভৰা আৰু বাগেশ্বৰধামৰ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্রী। পশ্চিমবংগৰ ৰাজ্যপাল ডাঃ চিভি আনন্দ বসু, কেন্দ্রীয় মন্ত্রী সুকান্ত মজুমদাৰ, পশ্চিমবংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰী আদিয়েও অনুষ্ঠানত অংশ লৈছিল। স্বামী জ্ঞানানন্দই দাবী কৰা অনুসবি, সাধু-সম্ভসহ এই অনুষ্ঠানত পাঁচ লাখবো অধিক লোকে সামুহিকভাবে গীতা পাঠ কৰিলে। গীতাৰ এক, ন আৰু ১৮ অধ্যায় পাঠ কৰা হৈছিল। ২০২৩ৰ ২৪ ডিচেম্বৰত ব্রিগেড পেৰেড গ্রাউণ্ডত প্ৰথমবাৰ সামূহিক গীতা পাঠ কৰা হৈছিল আৰু সেইবাৰ এক লাখ লোকে অংশ লৈছিল।
