Pami Barthakur:
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই সদৰী কৰা অনুসৰি, অহা ১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা। তাৰ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰৰ আজিৰ এক দীঘলীয়া বার্তাই বিশেষ চর্চা লাভ কৰিছে। সামাজিক মাধ্যমত ড° পামী বৰঠাকুৰে প্ৰকাশ কৰা বক্তব্যত জুবিন গাৰ্গ হত্যাৰ বলি হোৱাটোকেই প্রকাৰান্তৰেই স্পষ্ট কৰা হৈছে বুলি চর্চা চলিছে। যোৱা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গক ছিংগাপুৰৰ সাগৰৰ বুকুলৈ ষড়যন্ত্রমূলকভাৱে ঠেলি দিয়াত সেই সময়ত তাত উপস্থিত থকা কোনোবা জড়িত বুলিয়েই ইংগিত কৰা হৈছে বুলিও ব্যাপক চর্চা চলিছে।
পামী বৰঠাকুৰে লিখে এনেদৰে, ‘তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজৰ স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিলে। কেতিয়াবা বন্ধুৰ বেশত, কেতিয়াবা আত্মীয়ৰ বেশত! কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ, কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বার্থ। আনকি ১৯ ছেপ্টেম্বৰৰ দিনাও যেন তোেক ঠেলি পঠালে শেষ কৰি দিবলৈ…। কোনোবাই বন্ধুৰ বেশত, কোনোবাই আত্মীয়ৰ বেশত… কিৰীলি পাৰিলে, মৃত্যুৰ কিৰীলি!’ কাৰো কলিজা নকঁপিলনে? তোক এবাৰ বচাবলৈ! তই যেন অভিমন্যু, চক্রবেহুৰ বলি!’ তাৎপর্যপূর্ণভাৱে লগতে উল্লেখ কৰা অনুসৰি, তেওঁৰ ভ্ৰাতৃৰ বিয়োগৰ পাছত এতিয়াও ক্ষান্ত হোৱা নাই স্বাৰ্থৰ সেই খেল। সেয়েহে তেওঁ সংশ্লিষ্টসকললৈ আহ্বান জনায় এইদৰেও, ‘আমি সর্বস্বান্ত! আৰু নেখেলিবা।’
উল্লেখ্য যে পামী বৰঠাকুৰৰ তাৎপৰ্যপূৰ্ণ এনে বক্তব্যৰ সমান্তৰালকৈ এছআইটিয়েও জুবিন চিৰদিনলৈ হেৰাই যোৱা ঘটনাটোৰ সময়ত য়টত উপস্থিত থকা কে’বাজনকো গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ বিপৰীতে অধিকাংশক সোধপোছ কৰিয়েই যাবলৈ দিয়া হৈছে। সেইসকলৰ ভিতৰত অন্যতম হ’ল অসমৰ প্ৰৱাসী অসমীয়াৰ দলটো।
ইপিনে, দেওবাৰে সোণাপুৰৰ কমাৰকুছিস্থিত জুবিনক্ষেত্রত অজস্র লোকৰ সমাগম হয়। বিশেষকৈ দেওবাৰ বুলি পুৱাৰে পৰা নিশালৈকে জুবিনক্ষেত্রলৈ মানুহৰ সোঁত অব্যাহত থাকে। জুবিনক্ষেত্রত দেওবাৰে দুপৰীয়া লংকাৰ পৰা চাইকেল চলাই অহা দুজন যুৱকো উপস্থিত হয় আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। আজিও প্রজ্বলিত হৈ উঠে শতাধিক বন্তি। ধূপ-ধূনাৰ সুগন্ধিয়েও সমগ্র জুবিনক্ষেত্ৰৰ পৰিৱেশক যেন নতুন মাত্রা দিয়ে। স্বেচ্ছাই বহু লোকে পৰিবেশন কৰে জুবিনৰ ইটোৰ পাছত সিটো কালজয়ী গীত I




































