Purchase of electricity:
ৰাজ্যত পুঁজিপতিক বৰপীৰা পাৰি দিয়া আৰু কেন্দ্ৰক সন্তুষ্ট কৰাটোৱেই যেন হৈ পৰিছে অসম চৰকাৰৰ একমাত্র লক্ষ্য। ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ বৰ্তমানৰ অৱস্থা ইয়াৰ অন্যতম উদাহৰণ। ঋণৰ বোজাত ককবকাই থকা অসমে নিজৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ প্ৰতি বছৰে হেজাৰ হেজাৰ কোটি টকা ব্যক্তিগত প্রতিষ্ঠানক আদায় দি আহিছে। ইয়াৰ বিপৰীতে নিজৰ উৎপাদন বৃদ্ধিৰ কোনো উদ্যোগেই গ্রহণ কৰা নাই। নিজা যি উৎপাদন ব্যৱস্থা, সেইবোৰে কোনো দিনে লক্ষ্য নির্ধাৰিত বিদ্যুৎ যোগান ধৰিব পৰা নাই। মূৰৰ ওপৰত বৃহৎ নদীবান্ধৰ জলবোমা, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক বিদ্যুৎ উৎপাদনৰ বাবে হেজাৰ হেজাৰ বিঘা ভূমি আবণ্টন দিয়াৰ বিপৰীতে অসমে ওলোটাই বিদ্যুৎ ক্ৰয় কৰিবলৈ ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰিবলগীয়া হোৱাটো নিতান্তই দুর্ভাগ্যজনক বিবেচিত হৈছে।
প্রতি বছৰে অসমত বিদ্যুতৰ চাহিদা দ্রুত গতিত বৃদ্ধি হৈছে। সর্বোচ্চ চাহিদাৰ পৰিমাণ দৈনিক ২৮৪২ মেগাৱাট পর্যন্ত বৃদ্ধি হৈছে। বছৰি বিদ্যুৎ চাহিদা বৃদ্ধিৰ হাৰ ন শতাংশ পর্যন্ত উর্ধ্বগামী হৈছে। চাহিদাৰ বিপৰীতে অসমে নিজা উৎপাদন ব্যৱস্থাৰে সৌৰশক্তিকে ধৰি সৰ্বাধিক ৪৬০ মেগাৱাট বিদ্যুতহে উৎপাদন কৰিবলৈ সক্ষম হৈছে তদুপৰি এই উৎপাদনো নিয়মীয়া নহয়। ফলস্বৰূপে চাহিদাৰ সিংহভাগ মুকলি বজাৰৰ পৰা ক্ৰয় কৰিহে শক্তি বিভাগে ৰাইজক যোগান ধৰিছে।
অসম চৰকাৰৰ শক্তি বিভাগৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনে চাহিদা পূৰাবলৈ ক্ৰয় কৰা অতিৰিক্ত বিদ্যুতৰ বাবে দৈনিক গড়ে ১৯ কোটি টকা ব্যয় কৰিব লাগে। সেই হিচাপত এমাহত গড় ব্যয়ৰ পৰিমাণ হ’ল ৫৭০ কোটি টকা আনহাতে, বছৰি ব্যয় কৰা গড় পৰিমাণ হ’ল প্রায় সাত হেজাৰ কোটি টকা। এনে বৃহৎ বায় শক্তি বিভাগ তথা অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিডিএল) ৰ বাবে অভাবনীয় বোজা হৈ পৰিছে; অথচ সেই বোজা বহন কৰিবলৈ শক্তি বিভাগ বাধ্য আৰু ইয়াৰ মূলতে হ’ল নিজা উৎপাদন ব্যৱস্থাক উপেক্ষা কৰা। এই বৃহৎ পৰিমাণৰ পুঁজি ইটোৰ পাছত সিটো শক্তি উৎপাদন প্রতিষ্ঠানক আদায় দিবলৈ বিভাগটো বাধ্য হৈছে। ইয়াৰ বিপৰীতে শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুতৰ বর্ধিত চাহিদাৰ নাটনি দূৰ কৰিবলৈ শেহতীয়াকৈ অসমত ব্যক্তিগত খণ্ডৰ উদ্যোগত ৩,২০০ মেগাৱাট ক্ষমতাৰ তাপ বিদ্যুৎ প্রকল্প আৰু এহেজাৰ মেগাৱাট ক্ষমতা সম্পন্ন পাম্প ষ্ট’ৰেজ প্রকল্প নিৰ্মাণৰ কাম হাতত লৈছে। পৰিতাপৰ বিষয় যে ইয়াৰ পৰাও বিতৰণ কোম্পানীটোৱে উচ্চ মূল্যত বিদ্যুৎ ক্ৰয় কৰিব লাগিব।
প্রসংগক্রমে উল্লেখ্য যে আগন্তুক ২০৩১লৈ অসমত বিদ্যুতৰ চাহিদাৰ পৰিমাণ ৩৫০০ মেগারাট পর্যন্ত বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে। তাৰেই সুযোগ গ্রহণ কৰি অসম চৰকাৰৰ পূৰ্ণ সহযোগিতাত ৰাজ্যখনত বিদ্যুৎ উৎপাদন কৰিবলৈ জপিয়াই পৰিছে বৃহৎ পুঁজিপতি গোষ্ঠী। ইয়াৰ বিপৰীতে ক্রমে নিশকতীয়া অবস্থালৈ গতি কৰিছে নিজা উৎপাদন ক্ষেত্রসমূহ। অসম শক্তি উৎপাদন নিগম লিমিটেডে নিজা যিকেইটা উৎপাদন প্ৰতিষ্ঠানৰ জৰিয়তে উৎপাদন অব্যাহত ৰাখিছে, সেইকেইটা হ’ল- কার্বি লাংপি জলবিদ্যুৎ প্রকল্প, নামৰূপ ৰিপ্লেচমেণ্ট পাৱাৰ প্লেন্ট, লাকুৱা থাৰ্মেল প্রকল্প, লাকুৰা ৰিপ্লেচমেন্ট প্রকল্প, নামৰূপ তাপ বিদ্যুৎ প্রকল্প আৰু মিনট্রিয়াং ক্ষুদ্র জলবিদ্যুৎ প্রকল্প।
তদুপৰি দুটা প্ৰকল্পৰ কামো শক্তি উৎপাদন নিগম লিমিটেডে অব্যাহত ৰাখিছে। লৱাৰ কপিল আৰু কাৰ্বি লাংপিত এই দুটা জলবিদ্যুৎ প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে। অসমত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ শক্তি বিভাগৰ পৰিকল্পনাৰ অভাব নাই; অথচ সেইবোৰক বাস্তৱ ৰূপ দিয়াটোহে এটা দুরূহ বিষয় হৈ পৰিছে। কেবল নথিপত্রতেই এনে পৰিকল্পনাবোৰ আবদ্ধ হৈ আহিছে। নিজা উৎপাদন ব্যৱস্থাৰ অংশস্বৰূপ তেনে পৰিকল্পনাবোৰ বাস্তৱায়িত হোৱাৰ বিপৰীতে ৰাজ্যখনলৈ আগমন ঘটিছে ইটোৰ পাছত সিটো পুঁজিপতি গোষ্ঠীৰ।
সেইবোৰক ৰঙা দলিচা পাৰি আদৰিছে ৰাজ্য চৰকাৰে। তেনে প্রতিষ্ঠানবোৰে যাতে নিজৰ কাম আগবঢ়াব পাৰে, তাৰ বাবে প্রয়োজনীয় ব্যৱস্থাবোৰ গঢ়ি তোলাত চৰকাৰে ন্যূনতমো কার্পণ্য কৰা নাই। তাৰ বিপৰীতে সম্পূর্ণ অৱজ্ঞা কৰি আহিছে নিজৰ উদ্যোগত কৰিব পৰা কামবোৰক। অসমৰ বাবে দুর্ভাগ্য এয়ে যে গেৰুকামুখৰ নদীবান্ধৰ বৃহৎ জলবোমা মূৰৰ ওপৰত লৈ থকা সত্ত্বেও তাৰ পৰা ৰাজ্যখনে বিদ্যুৎ আহৰণৰ ক্ষেত্ৰত ন্যূনতমো লাভৱান নহয়।




































