Modi on Indigo Crisis:নিয়মকানুন তৈয়াৰ হয় সাধাৰণ মানুহৰ জীৱন সহজ কৰিবলৈ। মানুহক হাৰাশাস্তি কৰিবলৈ নহয়। ইণ্ডিগ’ বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত এন ডি এৰ সাংসদসকলৰ বৈঠকত এই কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবে যাত্ৰীক কৰা হাৰাশাস্তি এতিয়াও শেষ হোৱা নাই। এনে পৰিস্থিতিত বিমান সংস্থাটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সম্প্ৰতি ৰাজ্যসভাত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে প্ৰকাশ কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও এই বৈঠকত এন ডি এৰ সাংসদসকলক মোদীয়ে বাৰ্তা দিয়া বুলি জনায়। কিৰেনে কয়,” মানুহৰ যাতে দুর্ভোগ নহয়,সেইয়া নিশ্চিত কৰিবলৈ কৈছে প্ৰধানমন্ত্ৰীয়ে ।নিয়ম-নীতি যি আছে সকলো ভাল।কিন্তু এই নিয়মবোৰ গোটেই ব্যৱস্থাটোক ভাল কৰিবলৈ বনোৱা হৈছে। মানুহক হাৰাশাস্তি কৰিবলৈ নহয়।”
কিৰেনে লগতে কয়, “প্ৰধানমন্ত্ৰীয়ে অতি স্পষ্টভাৱে কৈছে যে মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পৰা কোনো নিয়ম-নীতি থাকিব নালাগে। আইনবোৰ মানুহৰ সুবিধাৰ বাবেহে, বোজা হ’বলৈ নহয়।”






























