Swahid Smarak Khetra:
অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুদি দিয়া বীৰ ছহিদৰ স্মৃতি বিজড়িত ‘ছহিদ স্মাৰক ক্ষেত্র’ বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকিব অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা সহ আছুৰ নেতৃবৰ্গ ৷
মহানগৰীৰ পশ্চিম বৰাগাঁৱত ৮৬০ গৰাকী ছহিদৰ স্মৃতিৰে নিৰ্মাণ কৰা হৈছে সু-উচ্চ সৌধ। অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত শ্বহীদ দিৱসৰ বিশেষ অনুষ্ঠানত বিয়লি ৪বজাত স্থাপন কৰা হ’ব থাপনা ৷ তাৰ পিছত একাদিক্ৰমে ভাগৱত পাঠ ,শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্বলন,৮৬০শ্বহীদৰ পৱিত্ৰ স্মৃতিত এগছিকৈ বন্তি প্ৰজ্বলন আৰু গায়ন- বায়ন ৷ সন্ধিয়া দিহা নাম আৰু থিয় নামৰ আয়োজন কৰা হৈছে I
