Accident:
নগাঁও চহৰৰ হয়বৰগাঁও ২নং মোল্লাপট্টিৰ ৰে’ল ক্ৰছিঙত পুৱাতে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ স্কুটীৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত মাতৃ-কন্যা ৷ থিতাতে মাতৃ নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় কন্যা ৷
স্কুটীৰে গৈ থকা সময়ত ৰে’লৱে ক্ৰছিঙত হঠাতে পিছলি পৰাৰ ফলত পিছফালৰ অহা মাটি কঢ়িওৱা ট্রাকে মহটিয়াই নিলে মাতৃ- কন্যাক ৷ নিহত মহিলাগৰাকীৰ নাম মৃদুলা শইকীয়া ৷ তেওঁৰ ঘৰ কামপুৰ কঁচুৱা ৰজাগাঁৱত ৷ গুৰুতৰভাৱে আহত কন্যা দেৱাংগনা শইকীয়াক সংকটজনক অৱস্থাত নগাঁও চিভিল হাস্পতালত ভৰ্তি কৰা হয় ৷
আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা হয়বৰগাঁও আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰে ৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰাক খনৰ চালকজন ৷




































