Katy Perry:✒️অৱশেষত কানাডাৰ প্ৰাক্তন প্রধানমন্ত্রী জাস্টিন ট্রুডো আৰু বিশ্ববিখ্যাত মার্কিন পপ গায়িকা কেটী পেৰীৰ প্ৰেমৰ ইতিবৃত্ত ৰাজহুৱা হ’ল। ইয়াৰ লগে লগে বিগত কিছু মাহ ধৰি ট্ৰট্রুডো-কেটীৰ প্ৰেমৰ সম্পৰ্কক লৈ চলি থকা বিভিন্ন চৰ্চাৰ অৱসান ঘটিছে। উল্লেখ্য যে দুয়োৰে প্ৰেমৰ কথা চলিত বৰ্ষৰ মাজভাগৰ পৰা চৰ্চা হয়।
যোৱা অক্টোবৰত প্রেমিক যুটিক আমেৰিকাৰ কেলিফ’ৰ্ণিয়াৰ সাম্ভাবাৰবাৰাৰ এক বিলাস বহুল প্রমোদতৰীত একেলগে দেখা যায়। ইয়াৰ লগে লগে তেওঁলোকক লৈ চলি থকা চর্চা তুংগত উঠে। সাগৰৰ মাজত চুম্বনৰত অৱস্থাত দুয়ো কেমেৰাত বন্দী হয়। ফটোত দেখা গ’ল যে ট্রুডোৰ কান্ধত হাত থৈ তেওঁক চুম্বন কৰিছে পপ গায়িকা প্রেমিকাই। এই অন্তৰংগ মুহূর্তত প্রেমিকাক আলফুলে সাৱটি ধৰে ট্রুডোৱে।
তেওঁ প্রেমিকাৰ দুয়ো গাল হাতেৰে চুই চাইছে। এই ফটোৱে সামাজিক মাধ্যমত আলোড়ন তোলে। চর্চা তুংগত উঠে। আন্তর্জাতিক সংবাদ মাধ্যমতো তেওঁলোকৰ প্ৰেমৰ প্রসংগই স্থান লাভ কৰে। উক্ত প্রমোদতৰীত দুয়োজনে উষ্ণ সান্নিধ্য উপভোগ কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ জুলাইত ট্রুডো আৰু কেটীৰ প্ৰথম সাক্ষাৎ ঘটে। আঠ জুলাইত দুয়োকে কানাডাৰ মন্ট্রিলৰ এখন ৰেস্তোৰাঁত দেখা যায়। নৈশভোজৰ পাছতে দুয়োরে একান্ত অভিসাৰ পাৰ কৰে। এই কথা সংবাদ মাধ্যমত অগোচৰে হৈছিল।
অৱশ্যে গোপন কেমেৰাত দুয়োৰে সাক্ষাতৰ মুহূৰ্ত বন্দী হয়। ইয়াৰ ফটোত দেখা যায় যে ৰেস্তোৰাঁৰ এখন মেজৰ ওচৰত মুখামুখিকৈ ট্রুডো আৰু কেটী বহি আছে। সূত্ৰৰ মতে ট্রুডোক সাক্ষাৎ কৰিবলৈ কেলিফ’ৰ্ণিয়াৰ পৰা পাঁচ হেজাৰ কিলোমিটাৰ অতিক্ৰম কৰি মন্ট্রিলত উপস্থিত হৈছিল কেটী। ‘ডিনাৰ ডেট’ চলাৰ সময়ত দুয়োৰে মুখত উচ্ছল ভাব বিৰাজ কৰে। অৱশেষত যোৱা পাঁচ ডিচেম্বৰত কেটীয়ে সামাজিক মাধ্যমত ভিডিঅ’ আৰু কিছুসংখ্যক ফটো আপলোড কৰে। তেতিয়া তেওঁ জাপান ভ্রমণত আছিল। এই ফটো আৰু ভিডিঅ’ত তেওঁৰ স’তে ট্রুডোক দেখা গৈছে।
এই ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ ইতিবৃত্তও পোহৰলৈ আহে। অর্থাৎ জাপান ভ্রমণে দুয়োৰে প্ৰেমৰ সম্পৰ্কত ছীল-মোহৰ লগায়। এই ভ্ৰমণৰ ফটো আৰু ভিডিঅ’ত দুয়োকে অন্তৰংগ আৰু আবেগ বিহ্বল অৱস্থাতো দেখা গৈছে।
উল্লেখ্য যে জাপানৰ প্ৰাক্তন প্রধানমন্ত্রী ফুমিঅ’ কিশ্বিদা আৰু তেওঁৰ পত্নীৰ নিমন্ত্রণ মর্মে কেটীক লৈ ট্রুডোবে এক কূটনৈতিক ভোজতো অংশগ্রহণ কৰে। এই অনুষ্ঠানস্থলীত কিশ্বিদা, তেওঁৰ পত্নীৰ আৰু কেটীৰ স’তে তোলা ফটো ট্রডোরে নিজেই সামাজিক মাধ্যমত আপলোড কৰিছে। এই ফটোৰ কেপচনত তেওঁ জাপানৰ প্ৰাক্তন প্রধানমন্ত্রীজনক উদ্দেশি লিখিছে, ‘আপোনাৰ আৰু আপোনাৰ পত্নীক লগ পাই কেটী আৰু মই অত্যন্ত সুখী।’
উল্লেখ্য যে সাম্প্রতিক বিশ্বৰ সুদর্শন ৰাজনৈতিক নেতাসকলৰ অন্যতম হৈছে প্রাক্তন প্রধানমন্ত্রী ট্রুডো। সম্প্রতি ৫৩ বছৰীয়া ট্রুডোৰ দুবছৰ পূৰ্বে বিবাহ বিচ্ছেদ ঘটে। ১৮ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই ট্রুডো আৰু তেওঁৰ পত্নী ছোফিয়ে ২০২৩ত বিবাহ বিচ্ছেদ ঘটায়। তেওঁলোকৰ তিনিটি সন্তানো আছে। ট্রুডোবে নিজেও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। দুয়ো বিবাহপাশত আবদ্ধ হৈছিল ২০০৫৩। ছোফিৰ স’তে তেওঁৰ বিবাহ বিচ্ছেদৰ কাৰণৰূপে চর্চালৈ আহিছিল তেওঁৰ স’তে ৰাজনৈতিক সহকর্মী তথা কানাডাৰ প্রাক্তন বৈদেশিক মন্ত্ৰীৰ স’তে গোপন সম্পর্ক থকাটো।
অৱশ্যে একাংশই ট্রুডোৰ বিবাহ বিচ্ছেদৰ কাৰণ ৰাজনৈতিক বুলিও আখ্যা দিছিল। আনহাতে, পূর্বে কেটীৰ স’তে প্ৰেমৰ সম্পর্ক আছিল হলিউডৰ তাৰকা অভিনেতা অলাণ্ডো ব্লুমৰ। ইতিমধ্যে দুয়োৰে সম্পৰ্কৰ যতি পৰিছে। চলিত বৰ্ষৰ জুনত দুয়োৰে বিচ্ছেদ ঘটে। তাৰ পাছতে কেটী কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ প্ৰতি আকর্ষিত হয়। কেটী আৰু ব্লুমৰ এগৰাকী পাঁচ বছৰীয়া কন্যাও আছে। অৰ্লাণ্ডোৰ স’তে সম্পৰ্ক গঢ়াৰ পূৰ্বে কেটী ব্রিটিছ কৌতুক অভিনেতা ৰাছেল ব্ৰেণ্ডৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল।
২০০৯৩ দুয়োৱে যুগ্ম জীৱনৰ পাতনি মেলিছিল। কৰিছিল। কিন্তু দুয়োৰে সম্পৰ্ক ২০১০ত তেওঁলোকে ভাৰত ভ্ৰমণ মাথোঁ ১৪ মাহহে স্থায়ী হ’ল। ৰাছেলৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ আৰু ধৰ্ষণৰ একাধিক অভিযোগ উত্থাপন হয়। আনকি তেওঁৰ বিৰুদ্ধে নাবালিকাৰ শ্লীলতাহানিৰ অভিযোগো উত্থাপন হৈছিল। আন এক অভিযোগ অনুসৰি, কেটীৰ স’তে বিবাহ বিচ্ছেদ ঘটাৰ পাঁচ মাহৰ পাছতে ব্ৰেণ্ডে এগৰাকী মহিলাক ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হয়। এই ঘটনা ২০১২ত সংঘটিত হৈছিল।
আনহাতে, অৰ্লাণ্ডোৰ স’তে কেটীৰ সম্পৰ্ক থকাৰ সময়ত দুয়ো তুমুল বিতৰ্কত সাঙোৰ খাইছিল। এবাৰ দুয়োৰে নগ্ন ফটো ৰাজহুৱা হৈছিল। ইটালীৰ এটা দ্বীপত অৱসৰ বিনোদন কটাই থকাৰ সময়ত দুয়ো পাপাৰাত্ৰাজিৰ কেমেৰাত বন্দী হৈছিল। এই ফটোক কেন্দ্ৰ কৰি দুয়ো বিতৰ্কত সাঙোৰ খাইছিল। আনহাতে, ২০১৫ত প্রথমবাৰৰ বাবে কানাডাৰ প্রধানমন্ত্রী নির্বাচিত হয় ট্রুডো। অৱশ্যে তেওঁ তৃতীয় কার্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে। দলৰ মাজত তেওঁৰ জনপ্রিয়তাত খহনীয়াৰ সৃষ্টি হোৱাত তেওঁ পদত্যাগ কৰে। তেওঁৰ কাৰ্যকালৰ অন্তিম সময়ত কানাডাৰ স’তে ভাৰতৰ সম্পৰ্কৰ দ্রুত অৱনতি ঘটে।
