Nagaon:
নগাঁও জিলাৰ কঠিয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত নামবৰ লালুং সমল কেন্দ্ৰৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ‘ৰাইজৰ উৎসৱ’টি অনুষ্ঠিত হয় । নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত উৎসৱটি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা শংকৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰণৱ শইকীয়াই । বিদ্যালয় আৰু স্থানীয় লোকসকলৰ মাজত সু-সম্পৰ্ক স্থাপন আৰু ছাত্ৰ-ছাত্ৰীক নিজা কৃষ্টি-সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ গুৰুত্ব অপৰিসীম বুলি উত্তোলকগৰাকীয়ে তেখেতৰ ভাষণত ব্যক্ত কৰে ।
পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ, চকীখেল, ছদ্মবেশ আদি প্ৰতিযোগিতাৰ লগতে শিক্ষক -শিক্ষয়িত্ৰী আৰু উপস্থিত ৰাইজৰ মাজত টেকেলি ভঙা খেল অনুষ্ঠিত হয় । আনপিনে সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য, ঝুমুৰ, বাগৰুম্বা, তিৱা লোকনৃত্য, গাৰো নৃত্য আদি প্ৰদৰ্শনেৰে উপস্থিত ৰাইজক আপ্লুত কৰে । বিয়লিলৈ অনুষ্ঠিত এক মুকলি সভাত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয় ।
বাখ্ৰাআটী জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ হীৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক তথা কেন্দ্ৰ সমন্বয়ক মতিউৰ ৰহমান, কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰোজ কুমাৰ শইকীয়া, কেন্দ্ৰ সমন্বয়ক লিলু বৰা, উৎপল ডেকা আদি উপস্থিত থাকে । নামবৰ লালুং সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক অমৰ জ্যোতি বৰাৰ তত্বাৱধান আৰু সঞ্চালনাত অনুষ্ঠিত ৰাইজৰ উৎসৱৰ কাৰ্যসূচীত শিক্ষক শ্ৰীমন্ত পাটৰ, লক্ষীনন্দন ডেকা, ববিতা শৰ্মা, লুলু কলিতা, ৰত্না বৰদলৈ, প্ৰাঞ্জল প্ৰতিম শৰ্মা বৰদলৈ, কৃষ্ণা বৰদলৈ, বিকাশ ফুকন, ববিতা বৰা, মানস জ্যোতি শইকীয়া আদিৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী আৰু বহু স্থানীয় লোকে অংশগ্ৰহণ কৰে I
