মোদী চৰকাৰৰ কেবিনেট মন্ত্রীবর্গই প্ৰদৰ্শন কৰিলে জনতাৰ প্ৰতি দায়বদ্ধতাৰ অভাৱক। কেবিনেট মন্ত্রীবৰ্গৰ অনুপস্থিতিৰ বাবে আজি উচ্চ সদনৰ ১০ মিনিট বহুমূলীয়া সময় নষ্ট হয়। উল্লেখ্য যে কালি ২০০১ৰ সন্ত্রাসবাদীৰ সংসদ ভৱন আক্ৰমণৰ ২৪ বছৰ পূৰ্তি হয়।
উচ্চ সদনত সাংসদবর্গই এই আক্রমণত নিহতসকলক লৈ শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত অনুধাৱন কৰে যে সদনত এজনো কেবিনেট মন্ত্রী উপস্থিত নাই। এই কথা আঙুলিয়াই বিৰোধী সাংসদবৰ্গই সদন স্থগিত ৰাখিবলৈ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণৰ ওচৰত দাবী উত্থাপন কৰে।
কেবিনেট মন্ত্রীবর্গই প্ৰদৰ্শন কৰা এনে দায়বদ্ধহীনতাই অধ্যক্ষ ৰাধাকৃষ্ণণকো ক্ষুণ্ণ কৰে। বিৰোধীয়ে উত্থাপন কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই তেওঁ প্রথমে ৰাজ্যমন্ত্ৰীৰ জৰিয়তে কেবিনেট মন্ত্রীবর্গক সদনলৈ আহিবলৈ অনুৰোধ জনায়।
তাৰ পাছতো কোনো এজন কেবিনেট মন্ত্রীয়ে সদনত প্রবেশ নকৰাত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে। ইয়াৰ প্রাক্কমুহূৰ্তত অধ্যক্ষই কয়, ‘মই পদ্ধতিটো বুজি পাওঁ। মই ৰাজ্যিক মন্ত্রীজনক অনুৰোধ জনাইছো। অন্ততঃ এজন কেবিনেট মন্ত্রী আহক।’
তেতিয়াও এজনো কেবিনেট মন্ত্রীয়ে সদনত প্রবেশ নকৰিলে। আনহাতে বিষয়টোক লৈ সৰৱ হৈ উঠি কংগ্রেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী জয়ৰাম ৰমেশে কয়, ‘এয়া হৈছে সংসদৰ প্ৰতি তাচ্ছিল্য। আপুনি (অধ্যক্ষ) এজন মন্ত্রী অহালৈকে সদন স্থগিত ৰাখিব লাগিব।’
ইয়াৰ পাঁচ মিনিট পাছতো কোনো এজন কেবিনেট মন্ত্রীয়ে সদনত প্ৰৱেশ নকৰাত অধ্যক্ষই ১০ মিনিটৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে। তাৰ পাছত পুনৰ সদনৰ কাম-কাজ আৰম্ভ হয়। ইপিনে, কেবিনেট মন্ত্রীবর্গ আজি উচ্চ সদনত অনুপস্থিত থকাৰ কাৰণ ব্যাখ্যা কৰি সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কয় যে লোকসভাত আজি অলপতে বিয়োগ ঘটা প্রাক্তন কেন্দ্রীয় গৃহমন্ত্রী তথা নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ শিৱৰাজ পাটিলক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবেহে কেবিনেট মন্ত্রীবর্গ উচ্চ সদনত অনুপস্থিত থাকে।
অৱশ্যে এই সম্পর্কত কংগ্রেছ নেতা প্রমোদ তিৱাৰীয়ে কয় যে ৰাজ্যসভাতো পাটিললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰয়োজন আছিল। কংগ্রেছ নেতাজনৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি মন্ত্রী ৰিজিজুৱে কয় যে পাটিলৰ বিয়োগ আকস্মিক হোৱাৰ পৰিপ্ৰেক্ষিতত সদনত শোকসভা আয়োজনৰ বাবে সচিবালয় প্রস্তুত হ’ব নোৱাৰিলে। ৰাজ্যসভাতো তেওঁলৈ নিয়মানুসৰি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলি মন্ত্রীজনে সদৰী কৰে। সদন পুনৰ আৰম্ভ হোৱাৰ পাছত সদনত ৰিজিজুৰ লগতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু স্বাস্থ্যমন্ত্রী জে পি নড্ডা উপস্থিত হয়।






























