Book release:✒️অসমীয়া চলচ্চিত্ৰৰ স’তে ৭০দশকৰ পৰাই কাৰিকৰী দিশত শব্দ গ্ৰহণকাৰী হিচাপে জড়িত শনিৰাম ডেকাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘ শনিৰাম ডেকা সোঁৱৰণীৰ সুমধুৰ সুবাস’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।
কাহিলীপাৰাৰ ভগদত্তপুৰত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে সাংস্কৃতিক কৰ্মী হেমচন্দ্র পাঠক আৰু চলচ্চিত্র পৰিচালক জয়ন্ত বৰদলৈয়ে।
কাৰাগাৰ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তৰুণ তালুকদাৰে আত ধৰা গ্ৰন্থ উন্মোচন সভা খনত গ্ৰন্হখন উন্মোচন কৰি হেমচন্দ্র পাঠকে শনিৰাম ডেকাৰ স’তে সান্নিধ্যৰ কথা স্মৰণ কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰৰ শব্দগ্ৰহণকাৰী হিচাপে তেখেতে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে।
এখন চলচ্চিত্রৰ কথা কলে সাধাৰণতে অভিনেতা আৰু অভিনেত্রী , পৰিচালক বা সংগীত পৰিচালকৰ কথাই মনলৈ আহে, কিন্তু চলচ্চিত্রখনৰ সফলতাত কেমেৰামেন , শব্দগ্ৰহণকাৰী অথবা সম্পাদক সকলৰো যে এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে সেয়া প্ৰায়েই আলোচিত নহয় বুলি উল্লেখ কৰি গ্ৰন্হ খনৰ উন্মোচক পাঠকে ড০ ভূপেন হাজৰিকা, ড০ ভবেন্দ্ৰ নাথ শইকীয়া, পুলক গগৈ, জুবিন গাৰ্গ আদি বিখ্যাত লোকসকলৰ ছবিত শব্দন গ্ৰহণকাৰী হিচাপে কাম কৰা শনিৰাম ডেকাই প্ৰাপ্য সন্মান নাপালে বুলিও কয়।
তেওঁ লগতে শনিৰাম ডেকাৰ ব্যক্তিত্বৰ বিষয়ে উল্লেখ কৰি এই গ্ৰন্হ খনে চলচ্চিত্র শিল্পৰ স’তে জড়িত এই মানুহ জনক জনাত সহায় কৰিব বুলিও কয়।
গ্ৰন্হখনৰ আন এগৰাকী উন্মোচক চলচ্চিত্র পৰিচালক জয়ন্ত বৰদলৈয়ে নাগ্ৰাৰ সহায়ত শনিৰাম ডেকাই চলচ্চিত্ৰ বা তথ্যচিত্ৰ আদিৰ বাবে কিদৰে ঠাইতে শব্দ গ্ৰহণ কৰিছিল তাৰ বাখ্যা দাঙি ধৰি সম্প্ৰতি চলচ্চিত্ৰ শিল্পৰ আমোল পৰিবৰ্তন ঘটাৰ কথা উল্লেখ কৰে।






























