Subansiri:✒️গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰাপদ নোহোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রকল্পটো উদ্বোধন নকৰিলে বুলি উল্লেখ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিতৰ্কৰ লগ নেশা এই বন্ধ উত্থাপন কৰিছে। উল্লেখ্য যে কালিও এই প্রকল্পত এক ভয়াবহ অগ্নিকাণ্ডৰ সূত্রপাত ঘটে। পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে এক বিবৃতিত কয় যে প্রকল্পটো মুকলি কৰিবলৈ ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম (এনএইছপিচি)-এ প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনায়।
ইয়াৰ বিপৰীতে কেন্দ্রীয় চোৰাংচোৱা সংস্থা আইবিয়ে বান্ধটো নিৰাপদ নহয় বুলি প্রতিবেদন দাখিল কৰাত প্রধানমন্ত্রী কার্যালয়ে মোদীৰ দ্বাৰা বান্ধটো উদ্বোধনৰ প্রস্তাব নাকচ কৰে বুলি পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত কয় গতিকে এই বান্ধ শীঘ্ৰে বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে যুৱ-ছাত্ৰ পৰিষদে।
পৰিষদে লগতে কয় যে গেৰুকামুখৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ ওপৰৰ অঞ্চলত এনএইছপিচিয়ে নিৰ্মাণ কৰি থকা উজনি সোৱণশিৰি নির্মাণ বান্ধ নিৰাপত্তাজনিত কাৰণত শেহতীয়াভাবে বন্ধ কৰে। স্থানীয় একাংশ লোকৰ আবেদনৰ ভিত্তিত এনএইছপিচিয়ে উজনি সোৱণশিৰি প্ৰকল্প বন্ধ কৰে বুলি পৰিষদে উল্লেখ কৰিছে।
ইয়াৰ বিপৰীতে বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজৰ তীব্র প্রতিবাদৰ পাছতো প্রতিষ্ঠানটোৱে নামনি সোৱণশিৰি বান্ধৰ নির্মাণ সম্পূর্ণ কৰি বিদ্যুৎ উৎপাদন আৰম্ভ কৰিছে বুলি পৰিষদে ক্ষোভ প্রকাশ কৰে। সংগঠনটোৱে লগতে কয়, ‘বিৰোধীৰ আসনত থকাৰ সময়তো বিজেপিয়েও বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ কৰা নামনি সোৱণশিৰি বৃহৎ বান্ধৰ বিৰুদ্ধে বিজেপিয়েও সক্রিয়ভাৱে আন্দোলন কৰিছিল। পৰিতাপৰ বিষয় যে শাসনৰ বাঘজৰী লৈ বিজেপি চৰকাৰে লুটি বাগৰ মাৰি বৃহৎ নদীবান্ধৰ সপক্ষত অৱস্থান কৰাই নহয়, বৃহৎ নদীবান্ধ বিৰোধী সকলো আন্দোলনক অতি কঠোৰভাৱে দমন কৰিছে।’
ঠুনুকা পাহাৰীয়া অঞ্চলত নিৰ্মাণ কৰা গেৰুকামুখ প্ৰকল্পৰ নিৰ্মাণ কার্যও যথেষ্ট আসোঁৱাহপূর্ণ বুলি উল্লেখ কৰি যুৱ-ছাত্ৰ পৰিষদে লগতে অভিযোগ কৰে যে বান্ধটোৰ জৰিয়তে দুহেজাৰ মেগাৱাট নহয়, ছশ মেগাৱাট বিদ্যুৎ উৎপাদনহে কৰিব পৰা হৈছে। বান্ধটোৰ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলিও পৰিষদে অভিযোগ উত্থাপন কৰিছে। ফলত এই বান্ধে নামনি অঞ্চলৰ ৰাইজৰ প্ৰতি ভয়াৱহ দুর্যোগ মাতি অনাৰ আশংকাও কৰিছে পৰিষদে।






























