china:বিশাল প্ৰকল্পৰ বাবে চীন যে বিশ্বজুৰি প্রসিদ্ধ, সেয়া নতুনকৈ কোৱাৰ প্রয়োজন নাই। বিশ্বৰ বৃহত্তম বান্ধ, সর্ববৃহৎ হাই-স্পীড ৰেল নেটৱৰ্ক, বৃহত্তম বায়ু বিদ্যুৎ কেন্দ্রসহ সকলোবোৰ আছে চীনত। আনকি বিশ্বৰ সবাতোকৈ ডাঙৰ সৌৰবিদ্যুৎ প্রকল্পও চীনৰ দখলত। চীনৰ আছে ব্যক্তিগত মহাকাশ কেন্দ্র। অতীতলৈ চালেও দেখা যায়, বৃহত্তম প্রাচীন স্থাপত্য শিল্পৰ তালিকাতো চীনৰ নাম শীর্ষত আছে।
এই বিশাল নির্মাণযজ্ঞৰ সমান্তৰালকৈ চীনে দীর্ঘ দিনৰ পৰাই ‘সেউজকৰণ’ত বিশেষভাবে গুৰুতব আৰোপ কৰি আহিছে।সেই চিন্তাৰ পৰাই ১৯৭৮ত আৰম্ভ হয় থ্রী-নর্থ শেল্টাৰবেল্ট প্রকল্প, যিটো ‘গ্রেট গ্রীণ বাল’ নামেৰে পৰিচিত। এই প্ৰকল্পৰ মূল উদ্দেশ্য আছিল মাটিৰ ক্ষয় ৰোধ কৰা আৰু মৰুকৰণৰ ফলত সৃষ্টি হোৱা ধূলিৰ ধুমুহা হ্রাস কৰা। এই প্রকল্পটো অৱশেষত যোৱা বছৰ সম্পূর্ণ হয়।
প্রাক এক লাখ ১৬ হেজাৰ বৰ্গ মাইল অঞ্চলত গছ ৰোপণ কৰি চীনে তেওঁলোকৰ বনভূমিৰ পৰিমাণ ১৯৪৯ৰ ১০ শতাংশৰ পৰা বৃদ্ধি কৰি ২০২৪ত প্রায় ২৫ শতাংশলৈ নিছে।
আর্থ জার্ণেলত প্রকাশিত এই গৱেষণাটো কৰিছে তিয়ানজিন বিশ্ববিদ্যালয়, বেইজিঙৰ চাইনা এগ্রিকালচাৰেল ইউনিভাৰছিটি আৰু নেদাৰলেণ্ডৰ উটৰেখট বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে।
তেওঁলোকৰ গৱেষণা অনুসৰি, ২০০১ৰ পৰা ২০২০ৰ ভিতৰত অতিৰিক্ত সেউজকৰণৰ ফলত দেশখনৰ পূৰ্বাঞ্চলৰ মৌচুমী অঞ্চল তথা উত্তৰ-পশ্চিমৰ শুকান অঞ্চলত জলসম্পদ হ্রাস পাইছে। এই দুই অঞ্চল মিলাই চীনৰ মুঠ ভূমিৰ প্ৰায় ৮৪ শতাংশ জুৰি আছে, যি পৰিস্থিতিক আৰু উদ্বেগজনক কৰি তুলিছে।
গৱেষণাত কোৱা হৈছে যে গ্রেট গ্রীণ ৱালৰ সমান্তৰালকৈ ১৯৯৯৩ আৰম্ভহোৱা গ্রেইন ফৰ গ্ৰীণ প্ৰ’গ্ৰেম আৰু নেচাৰেল ফৰেষ্ট প্র’টেকচন প্ৰ’গ্ৰেমৰ দৰে উদ্যোগসমূহো আছে। উদ্ভিদৰ পৰা জলীয় বাষ্প নির্গমন তথা মাটিৰ পৰা পানী বাষ্পীকৰণৰ সন্মিলিত প্রক্রিয়াকে বুজায়। ইয়াৰ ফলত বৃষ্টিপাতৰ ধৰণো সলনি হৈ পৰিছে। গৱেষকৰ দলটোৰ মতে, এই পৰিৱৰ্তনৰ কাৰণে অঘিধক আর্দ্রতা আঁতৰি গৈছে তিব্বত মালভূমিৰ দিশে, তাত পানীৰ পৰিমাণ বাঢ়িছে; কিন্তু ইয়াৰ বিপৰীত প্ৰভাৱ পৰিছে পূৱ আৰু উত্তৰ-পশ্চিম চীন, বিশেষকৈ উত্তৰ-পশ্চিম অঞ্চলত পানীৰ অভাৱ সবাতোকৈ বেছি বাঢ়িছে।
লগতে দেখা গৈছে, তৃণভূমিৰ পৰা বনভূমিলৈ ৰূপান্তৰ আৰু বৃষ্টিপাত বঢ়ালেও সামগ্রিক পানীৰ হাৰ কমাইছে। সমস্যা আৰু গুৰুতৰ, কিয়নো চীনৰ উত্তৰাঞ্চলত দেশখনৰ প্ৰায় ৪৬ শতাংশ লোকে বাস কৰে তথা তাতেই আছে অধিকাংশ আবাদযোগ্য ভূমি। অথচ সেই অঞ্চলতে আছে মুঠ জলসম্পদৰ মাত্র ২০ শতাংশ। গৱেষকসকলৰ মতে, ভবিষ্যতে অৰণ্যায়ন আৰু ভূমি ব্যৱস্থাপনাৰ পৰিকল্পনা কৰাৰ সময়ত এই পৰিৱৰ্তিত জলচক্ৰৰ প্ৰভাৱ অৱশ্যেই চিন্তা কৰিব লাগিব।






























