কৃত্রিম বুদ্ধিমত্তাৰ বিশ্ব মানচিত্ৰত আমেৰিকা-চীনৰ পাছত তৃতীয় ভাৰত

IMG 20251217 141704

Generative AI tutors: ✒️সমগ্র বিশ্ব বর্তমানে কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ দৌৰত অগ্ৰসৰ হৈছে। এআই বিষয়ক গৱেষণা আৰু উদ্ভাৱনত ভাৰতে বিশেষ সফলতা অর্জন কৰিছে। আমেৰিকাৰ বিশ্বখ্যাত স্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি কৃত্রিম বুদ্ধিমত্তাৰ প্রতিযোগিতাত ভাৰতে বিশ্বৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে।

এই তালিকাত শীৰ্ষত আছে আমেৰিকা আৰু দ্বিতীয় স্থানত আছে চীন। ইয়াৰ পাছতে তৃতীয় স্থানত ভাৰত। কৃত্রিম বুদ্ধিমত্তাৰ দৌৰত বিশ্বমানচিত্রত ভাবতে দক্ষিণ কোৰিয়া, জাপান, ব্রিটেইন, কানাডা আৰু জার্মানীৰ দৰে উন্নত দেশকো অতিক্রম কৰিলে।

স্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গ্ল’বেল এআই ভাইব্রেন্সি টুল-এ কৃত্রিম বুদ্ধিমত্তা বিষয়ক বিশ্বমানচিত্ৰৰ এই তালিকা প্রস্তুত কৰিছে। তালিকাত ৭৮.৬ স্ক’ৰৰে প্রথম স্থান লাভ কৰিলে আমেৰিকাই। দ্বিতীয় স্থানত থকা চীনৰ স্ক’ৰ ৩৬.৯৫ আৰু ২১.৫৯ স্ক’ৰৰে তৃতীয় স্থানত আছে ভাৰত।

Exit mobile version