All Assam Tourist Guide Association Pressmert:
ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ এক ভাবুকি কঢ়িয়াই আনিছে ভুৱা টুৰিষ্ট গাইডে ৷ দেশ- বিদেশৰ পৰ্যটকৰ বিভ্ৰান্ত কৰি কেতবোৰ ঐতিহাসিক সমলক বিকৃত ৰূপত উপস্থাপন কৰি আহিছে একাংশ ভুৱা টুৰিষ্ট গাইড ৷ এই মন্তব্য সদৌ অসম টুৰিষ্ট গাইড সন্থাৰ৷ মহানগৰীত আয়োজন কৰা এক সংবাদমেলত টুৰিষ্ট গাইড সন্থাই কয়,বিদেশী পৰ্যটকৰ আগত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিক গোপীনাথ বৰদলৈ আৰু গুৱাহাটী বিমান বন্দৰক লাচিত বৰফুকন বিমান বন্দৰ হিচাপে ভুল বাখ্যা কৰিছে ভুৱা টুৰিষ্ট গাইড ৷ অসমৰ জাতীয় মৰ্যাদা হ্ৰাস কৰাত তৎপৰ হোৱা ভুৱা টুৰিষ্ট গাইডক সকীয়নি দি সন্থাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই। এইক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগে ভুৱা টুৰিষ্ট গাইডক নাকী লগোৱাা সময় আহি পৰিছে ৷ অন্যথাই সদৌ অসম টুৰিষ্ট গাইড সন্থাই নিজেই কাৰ্য ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে ৷
