Agni-5:✒️ঘাইপথত যান-জঁটৰ হ্ৰাসৰ উদ্দেশ্যে সাগৰপৃষ্ঠৰ তলত এক অভূতপূর্ব ভূগৰ্ভস্থ সুৰংগ পথ নিৰ্মাণৰ কাম হাতত ল’লে নৰৱেই। বার্গেনৰ পৰা ষ্টেভেনগাৰক সংযোগ কৰি নির্মাণ চলি থকা এই সুৰংগ পথ দেশখনে প্রযুক্তিৰ ক্ষেত্রত অর্জন কৰা সফলতাকো প্রতিপন্ন কৰিছে। ইয়ে যাত্রাপথৰ দূৰত্ব ২১ ঘণ্টা হ্রাস পাব বুলি আশা কৰা হৈছে।
অবিশ্বাস্য হ’লেও সত্য যে এই সুৰংগ পথ সাগৰপৃষ্ঠৰ ১,২৮৬ ফুট গভীৰতাত নিৰ্মাণ কৰা হ’ব। গতিকে এই প্রকল্প সম্পূর্ণ হৈ উঠিলে ইয়ে অভিযান্ত্রিক ক্ষেত্রত এক উল্লেখনীয় সফলতাক সূচাব। স্বাভাৱিকতে এই সুৰংগ পথ নির্মাণক বহু প্রত্যাহ্বানে দেখা দিছে। একমাত্ৰ সাগৰপৃষ্ঠৰ অত্যন্ত গভীৰতাত নিৰ্মাণৰ লক্ষ্য লোৱাৰ বাবে নহয়, সুৰক্ষা আৰু অভিযান্ত্রিক দক্ষতাৰ ক্ষেত্ৰতো প্রত্যাহ্বানৰ সৃষ্টি হৈছে।
ৰ’গফাষ্ট নামৰ এই সুৰংগ পথ উপকূলীয় ঘাইপথ ই-৩৯ত যান-জঁট হ্ৰাসৰ উদ্দেশ্যে নির্মাণ কৰিবলৈ লোৱা হৈছে। এই ঘাইপথে কৃষ্টিয়ানচান্দ আৰু ট্র’ন্ধেইমক সংযোগ কৰিছে। সুৰংগ পথটো নির্মাণ সম্পূর্ণ হ’লে যাত্ৰাৰ ক্ষেত্ৰত পথেৰে যাত্ৰা কৰাতকৈ ২১ ঘণ্টা কম সময় লাগিব। এই সুৰংগ পথত দুটা সুকীয়া টিউব থাকিব। প্রতিটো টিউবতে যানবাহনৰ চলাচলৰ বাবে দুটাকৈ শাৰী বা লেন থাকিব।
অৱশ্যে এই সুৰংগ পথ নির্মাণ সম্পৰ্কত স্কনস্ক নামৰ বহু ৰাষ্ট্ৰীয় নির্মাণ প্রতিষ্ঠানটোৱে কয় যে এনেমূৰে কাম চলি আছে বুলি উল্লেখ কৰি প্ৰতিষ্ঠানটোৱে জনোৱা মতে ২০৩৩ৰ ভিতৰত এই সুৰংগ নির্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোবা হৈছে। এই সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰত এই কথাও লক্ষ্য কৰা হৈছে যাতে নির্মাণস্থলীত সাগৰৰ লবণযুক্ত পানীয়ে প্ররেশ কৰিব সুৰংগ নির্মাণত নোৱাৰে।
এই লেজাৰ স্কেনাৰৰ দৰে উচ্চ প্রযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰা হৈছে বুলিও প্রতিষ্ঠানটোরে জানিবলৈ দিয়ে। লেজাৰ স্কেনাৰৰ সহায়ত নিৰ্মাণস্থলীৰ অন্বেষণ আৰু নির্দিষ্টতা নিশ্চিত কৰা হয়। সাগৰৰ তলত সমুদ্র পৃষ্ঠৰ পৰা অত্যন্ত ছাপ পৰে। আনহাতে, এই সুৰংগ নির্মাণ সম্পূর্ণ হৈ উঠিলে স্থানীয় লোকৰ অৰ্থনীতিত অশুভ প্রভাৱ পৰিব বুলি আশংকা প্রকাশ কৰা হৈছে। কাৰণ বৰ্তমানে চলি থকা ফেৰী সেৱা বন্ধ হৈ পৰিব।
অৱশ্যে ইয়ে মূৰকত স্থানীয় লোকক আর্থিক দিশত প্ৰচুৰ লাভান্বিত কৰিব বুলিও আশা কৰা হৈছে। এই সম্পর্কত স্কনস্কৰ প্ৰকল্প প্রবন্ধক এন ব্রিট ম’ৱেনে কয় যে এই সুৰংগ পথ নির্মাণ হ’লে শিক্ষা, চাকৰি আৰু ৰাজহুৱা সেবাসমূহ সহজে উপলব্ধ হ’ব। যাত্ৰাৰ সময় হ্রাস কৰি আৰু বস্তু-বাহানি পৰিবহণৰ ব্যয় হ্রাস কৰি ব্যৱসায়ীসকলক উপকৃত কৰিব বুলি ম’য়েনে আশা প্রকাশ কৰে।






























