7 Wild Elephant Death in Kampur:
নগাঁৱৰ কামপুৰৰ চাংজুৰাইত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক কৰুণ ঘটনা। তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৭ টাকৈ বন্যহস্তীৰ ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এটা বন্যহস্তীৰ ৷ দুৰ্ঘটনাৰ ফলত লাইনচ্যুত হয় ৰে’লখনৰ ৪টাকৈ দবা ৷ অৱশ্যে ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৰে’লখনৰ যাত্ৰীসকল ৷
দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলত এলিফেণ্ট কৰিডৰ হিচাপে চিহ্নিত নাছিল যদিও খাদ্যৰ সন্ধানত বিচৰণ কৰা হাতীজাক এটাই ৰে’ল পথ অতিক্ৰম কৰোতেই তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছ আহি আছিল ৰে’ল লাইনটোৰে ৷ সন্মুখত হাতীৰ জাক দেখি ট্ৰেইন খনৰ চালক জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ইতিমধ্যে ট্ৰেইন খনে মহতিয়াই নিয়ে ৰে’ল পথত অৱস্থান কৰা হাতী কেইটাক ৷ থিতাতে সাত হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈ চটফটাই থাকে আন এটা হাতী ৷
দুৰ্ঘটনাৰ ফলত বহু কেইখন ৰে’লৰ যাত্ৰা ব্যাহত হয় ৷ আনকি পুৱতি নিশালৈ যাত্ৰীসকল দুর্ঘটনাস্থলীতে আবদ্ধ হৈ আছিল । যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে গুৱাহাটীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা গ্ৰহণ কৰিছে এনএফ ৰে’লৱে ৷ একেদৰে যাত্ৰীসকলক উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰা এনএফ ৰে’লৱে কৰ্তৃপক্ষই তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে ৷ নম্বৰকেইটা হ’ল ০৩৬১-২৭৩১৬২১/ ২৭৩১৬২২/ ২৭৩১৬২৩।
উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা ৰাজধানী এক্সপ্ৰেছ ৰে’লখন মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল । পুৱতি নিশা সংঘটিত হোৱা দুৰ্ঘটনাত লাইনচ্যুত হোৱা দবাকেইটা এৰি ৰে’লখন শনিবাৰে পুৱা ৬-১১ বজাত গুৱাহাটী অভিমুখে লৈ ৰাওনা হয় । আনহাতে শেহতীয়াকৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই এক জাননী যোগে কামপুৰত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে পথটোৰে যাবলগীয়া ছখন ট্ৰেইনৰ যাত্রা বাতিল কৰিছে ৷ বাতিল কৰা ৰে’ল কেইখন হ’ল গুৱাহাটী-বদৰপুৰ সংযোগী ভিষ্টাডম এক্সপ্ৰেছো , নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ , মৰিয়নি-গুৱাহাটী এক্সপ্ৰেছ , লামডিং-গুৱাহাটী পেছেঞ্জাৰ,ৰঙিয়া-নিউ তিনিচুকীয়া এক্সপ্রেছ , গুৱাহাটী-যোৰহাট টাউন সংযোগী জনশতাব্দী এক্সপ্রেছ ৷
মনকৰিবলগীয়া যে, ৰে’লৰ খুন্দাত বন্যহস্তীৰ মৃত্যুৰ পাছতেই কে’বাটাও ষ্টেচনত আবদ্ধ হৈ আছে কেইবাখনো ৰে’ল। আনহাতে শোকাৱহ ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী,বন বিভাগৰ লোক সহ স্থানীয় যথেষ্ট সংখ্যক লোক উপস্থিত হয় ৷ বন্যহস্তী কেইটাৰ কৰুণ মৃত্যুক শোকাহত হৈ পৰে সকলো ৰাইজ ৷




































