Advocate Appointed:
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰৰ সমুদ্ৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যুক সাবটি লোৱাৰ পিছত ঘটনাৰে নাম সাঙোৰ খাইছিল সাত অভিযুক্তৰ নাম ৷ ইতিমধ্যে সাতো অভিযুক্ত কাৰাৰুদ্ধ হৈ আছে জে’লত ৷ ৰাইজৰ প্ৰৱল দাবীত সাত অভিযুক্তৰ হৈ কোনো অধিবক্তাই ওকালতি কৰিব নালাগে বুলি মুকলি আহ্বান জনাইছিল সদৌ অসম উকিল সন্থাই ৷
ইতিমধ্যে আদালতত গোচৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে উকিল বিচাৰি হাবাথুৰি খাইছিল সাত অভিযুক্তৰ পৰিয়াল ৷ শেহতীয়া কামৰূপ চিজেএম আদালতত অভিযুক্ত সকলে উকিল নথকাৰ বাবে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছিল বুলি উল্লেখ কৰাৰ পিছত অৱশেষত ছয় অভিযুক্তই লাভ কৰিছিল এজন চৰকাৰী অধিবক্তা। ৬ অভিযুক্তৰ হৈ ওকালতি কৰিব চৰকাৰী অধিবক্তা ধ্ৰুৱজ্যোতি দাসে। আনহাতে আন এগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্তই নিজাববীয়া নিয়োগ কৰিছে গ্রেব্রিয়েল চাহু নামৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এগৰাকীক ৷ এতিয়াৰ পৰা আদালতৰ মজিয়াত তেওঁৰ হৈ ওকালতি কৰিব চাহুৱে।
উল্লেখ্য যে জুবিন গাৰ্গ হত্যা গোচৰৰ দ্বিতীয় শুনানি আজি হয় কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত ৷ আদালতত বাকসাৰ জিলা কাৰাগাৰৰ পৰা শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা,সন্দীপন গাৰ্গ,জুবিনৰ দুই দেহৰক্ষী নন্দেশ্টৰ বৰা ,পৰেশ বৈশ্য আৰু হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী ,অমৃতপ্ৰভা মহন্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় ৷ আদালতে শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে অহাবৰ্ষৰ ৩ জানুৱাৰীত ৷ সেই দিনাই হ’ব অভিযুক্তৰ চাৰ্জফ্ৰেম I




































