G. Ramji Bill became law:
বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ মাজতে আইনত পৰিণত হ’ল বহু চর্চিত বিকশিত ভাৰত-গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীবিকা মিছন (গ্রামীণ) বিধেয়ক। চমুকৈ জি ৰামজী বিধেয়কৰূপে জনাজাত এই বিধেয়কত দেওবাৰে স্বাক্ষৰ কৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে। ৰাষ্ট্রপতিয়ে সম্মতি প্রদান কৰাৰ লগে লগে বিধেয়কখন আইনত পৰিণত হৈছে। এনৰেগাৰ স্থানত নৰেন্দ্ৰ মোদী চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা জি ৰামজী আইনৰ জৰিয়তে গ্রামাঞ্চলৰ দৰিদ্ৰ লোকক ১২৫ দিনৰ নিয়োগৰ আইনগত নিশ্চয়তা প্রদান কৰা হৈছে। অর্থাৎ কোনো উপযুক্ত ব্যক্তিয়ে এই আইনৰ অধীনত ন্যূনতম কাম নাপালে আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰিব। পূৰ্বৰ এমজি এনৰেগাত এই আইনগত নিশ্চয়তা এশ দিনৰ আছিল।
উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত থকা এমজি এনৰেগা প্রত্যাহাৰ কৰি মোদী চৰকাৰে অনা জি ৰামজী বিধেয়কৰ বিৰুদ্ধে বিগত দিনত সংসদৰ বাহিৰে-ভিতৰে তীব্র প্রতিবাদ সাব্যস্ত কৰে কংগ্ৰেছসহ বিভিন্ন বিৰোধী দলে। তৎসত্ত্বেও সংখ্যাগৰিষ্ঠতাৰ বলত সংসদৰ উভয় সদনতে বিধেয়কখন গৃহীত হয়। ইয়াৰ পৰৱৰ্তী পদক্ষেপৰূপে চৰকাৰে বিধেয়কখন অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্রেৰণ কৰে। চৰকাৰী পক্ষই দাবী কৰিছে যে প্রধানমন্ত্রী মোদীয়ে দেখা ২০৪৭ৰ বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় সপোনৰ স’তে সংগতি ৰাখি এমজি এনৰেগাৰ স্থানত জি ৰামজী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। গ্রামীণ নিয়োজনক অকলশৰীয়া কল্যাণ আঁচনিত আবদ্ধ ৰখাৰ পৰিৱৰ্তে উন্নয়নৰ এক সংহত আহিলাত সামৰি লোৱাৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে লোৱা হৈছে বুলিও চৰকাৰী পক্ষই দাবী কৰিছে। সবলীকৰণ, বৃদ্ধি, ঐক্যতান আৰু সংপৃক্তকৰণৰ মূলমন্ত্ৰৰে এই আইন প্রস্তুত কৰা হৈছে বুলিও সদৰী কৰিছে চৰকাৰী পক্ষই।
#জি ৰামজী আইনৰ স্পষ্ট বৈশিষ্ট্যসমূহ
বিকশিত ভাৰত ২০৪৭ৰ সপোনৰ স’তে তাল মিলাই অনা জি ৰামজী আইনৰ কিছু সংখ্যক মূল স্পষ্ট বৈশিষ্ট হ’ল: প্রতিটো বিত্তীয় বর্ষত গ্রামাঞ্চলৰ উপযুক্ত প্ৰতিঘৰ লোকে মজুৰিৰ বিপৰীতে ন্যূনতম ১২৫ দিনৰ হাতেৰে কৰা সাধাৰণ কাম পাব লাগিব। আইনখনৰ পাঁচ (এক) ধাৰা অনুসৰি প্ৰতিঘৰ লোকৰ ইচ্ছুক প্রাপ্তবয়স্ক সদস্যক প্রতিটো বিত্তীয় বর্ষত ন্যূনতম ১২৫ দিনৰ সাধাৰণ (দক্ষতাবিহীন) হাতেৰে কৰা কাম দিব লাগিব।
শস্য সিঁচা আৰু ফচল চপোৱাৰ ঋতুত একোটা বিত্তীয় বর্ষত ৬০ দিন কাম স্থগিত ৰখাৰ ব্যৱস্থা কৰিছে এই আইনে। আইনখনৰ ছয় ধাৰা অনুসৰি ৰাজ্য চৰকাৰে এই সংক্রান্তীয় নির্দেশনা জাৰি কৰিব পাৰিব। তৎসত্ত্বেও ১২৫ দিনৰ কৰ্ম নিশ্চয়তা বাহাল থাকিব। অর্থাৎ এই আইনৰ জৰিয়তে কৃষি উৎপাদন আৰু কৰ্মীৰ আৰ্থিক সুৰক্ষা দুয়োটাৰ মাজত বিন্যাসিত ভাৰসাম্য নিশ্চিত কৰা হৈছে বুলি চৰকাৰী পক্ষই দাবী কৰিছে।
সময়মতে মজুৰি আদায়: জি ৰামজী আইনৰ পাঁচ (তিনি) ধাৰা অনুসৰি কাম শেষ হোৱাৰ ১৫ দিনৰ ভিতৰত মজুৰি আদায় দিব লাগিব। যদি নির্ধাৰিত সময়ত মজুৰি আদায় দিয়া নহয় তেন্তে পলম হোৱাৰ বাবে ক্ষতিপূৰণ আদায় দিব লাগিব। এই ব্যৱস্থা আইনখনৰ দুই নম্বৰ অনুসূচীত কৰা হৈছে। ইয়াৰ জৰিয়তে কর্মীসকলক মজুৰিৰ সুৰক্ষা দিবলৈ বিচৰা হৈছে।
স্থায়ী ৰাজহুৱা সম্পদ সৃষ্টিৰ লক্ষ্য: এই আইনৰ জৰিয়তে উৎপাদনশীল গ্রামীণ আন্তঃগাঁথনি বা স্থায়ী ৰাজহুৱা সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হৈছে। এই কথা আইনখনৰ চাৰি (দুই) ধাৰা আৰু প্ৰপ্রথম অনুসূচীত উল্লেখ আছে। এনে সম্পদ সৃষ্টিত চাৰিটা খণ্ডক অগ্রাধিকাৰ দিয়া হৈছে। এই খণ্ড চাৰিটা হ’ল জল সুৰক্ষা আৰু জল সম্পর্কীয় কাম, প্রধান গ্রামীণ আন্তঃগাঁথনি, জীৱিকাৰ স’তে জড়িত আন্তঃগাঁথনি আৰু প্রাকৃতিক দুর্যোগ নিৰাময়ৰ বাবে কৰা কাম।
পৰিকল্পনাৰ বিকেন্দ্ৰীকৰণ আৰু ৰাষ্ট্ৰীয় ঐক্য: উক্ত আইনৰ চাৰি (এক)ৰ পৰা চাৰি (তিনি) ধাৰাত উল্লেখ থকা অনুসৰি গাঁও পঞ্চায়ত পর্যায়ত প্রস্তুত কৰা বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনাক গাঁওসভাই অনুমোদন জনাব লাগিব। এই পৰিকল্পনাসমূহ পিএম গতিশক্তিকে ধৰি ৰাষ্ট্ৰীয় প্লেটফর্মসমূহত ডিজিটেলী আৰু স্থানীয়ভাবে সংহত কৰিব লাগিব। ইয়াৰ জৰিয়তে বিকেন্দ্রীকৃত সিদ্ধান্ত গ্রহণ প্রক্রিয়াক সম্পূৰ্ণৰূপে অটুট ৰাখি চৰকাৰী ঐক্যতানক সক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। এই সংহত পৰিকল্পনা ব্যবস্থাই কামৰ পৰিকল্পনা আৰু ৰূপায়ণত মন্ত্রণালয়সমূহ আৰু বিভাগসমূহক সক্ষম কৰি তুলিব। ইয়াৰ সমান্তৰালভাৱে ৰাজহুৱা সম্পদৰ অপব্যয়, ঠগবাজি আদি দূৰ কৰি সংপৃক্ত নিৰ্ভৰ ফলাফলৰ জৰিয়তে উন্নয়ন ত্বরান্বিত কৰিব।
বিত্তীয় স্থাপত্যৰ সংস্কাৰঃ জি ৰামজী আইন হৈছে এক কেন্দ্রীয় পৃষ্ঠপোষকতা আঁচনি। আইনখনত থকা ব্যৱস্থা অনুসৰি ৰাজ্য চৰকাৰসমূহে এই আইন বলবৎ হোৱাৰ জাননী জাৰি কৰিব লাগিব আৰু ইয়াৰ পৰিচালনা কৰিব লাগিব। উত্তৰ-পূবৰ আৰু হিমালয়ৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্রই ৯০ শতাংশ পুঁজি বহন কৰিব। বাকী ১০ শতাংশ ৰাজ্য চৰকাৰে দিব লাগিব। আন ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্রই ৬০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ পুঁজি ব্যয় কৰিব। আনহাতে, বিধানসভা নথকা কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ কেন্দ্ৰীয় চৰকাৰে এশ শতাংশ পুঁজি যোগান ধৰিব।
প্রশাসনিক সামর্থ্যৰ শক্তিশালীকৰণ: এই আইন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰশাসনিক সামর্থ্যও শক্তিশালীকৰণৰ ব্যৱস্থা কৰা হৈছে। অর্থাৎ আইনখন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰশাসনিক ব্যয় পূৰ্বৰ ছয় শতাংশৰ পৰা ন শতাংশলৈ বৃদ্ধি কৰা হৈলে কৰ্মচাৰীৰ প্ৰশিক্ষণ, কৰ্মচাৰীৰ কাৰিকৰী সামর্থ্য বৃদ্ধি আদিত ব্যয় কৰা হ’ব।
নিয়োগৰ নিশ্চয়তা আৰু কামৰ দাবীৰ অধিকাৰ বিৰোধী পক্ষই দাবী কৰি অহাৰ দৰে কামৰ অধিকাৰক এই কৰা নাই বুলি চৰকাৰী পক্ষই বিবৃতি দিছে। আইনখনৰ পাঁচ (এক) ধাৰাই স্পষ্ট কৰি দিছে যে গ্রামাঞ্চলৰ লোকে ন্যূনতম ১২৫ দিনৰ কাম পোৱাটো চৰকাৰে নিশ্চিত কৰিব লাগিব। এই ক্ষেত্ৰত চৰকাৰৰ আইনগত থাকিব।
বিকেন্দ্ৰীকৰণ আৰু পঞ্চায়তৰ ভূমিকাঃ জি ৰামজী আইনে পৰিকল্পনা আৰু ৰূপায়ণ কেন্দ্রীভূত কৰা নাই। তাৰ পৰিৱৰ্তে আইনখনৰ ১৬ৰ পৰা ১৯ ধাৰাই পঞ্চায়তসমূহ, কর্মসূচী বিষয়া আৰু জিলা কর্তৃপক্ষক কামৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ কর্তৃত্ব প্রদান কৰিছে। ৰাষ্ট্ৰীয় পর্যায়ত এই সম্পর্কত যি সিদ্ধান্ত লোৱা হৈছে সেয়া হ’ল স্থানীয় পৰ্যায়ৰ কামৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে আঁচনিৰ কামত সহযোগিতা আৰু ঐক্যতান আগবঢ়াব কেন্দ্রই। নিয়োগ আৰু সম্পদ সৃষ্টি: এই আইনে উপযুক্তসকলক ১২৫ দিনৰ এক আইনগত জীৱিকাৰ নিশ্চয়তা প্রদান কৰিছে। অর্থাৎ উপযুক্তসকলে এই ১২৫ দিনৰ কাম পাবই লাগিব। ইয়াৰ জৰিয়তে নিশ্চিত কৰিব বিচৰা হৈছে যে এই নিয়োগে উৎপাদনশীল, স্থায়ী আৰু যিকোনো বতৰে ক্ষতি কৰিব নোৱাৰা সম্পদ সৃষ্টিলৈ বৰঙণি যোগায়। নিয়োগ আৰু সম্পদ সৃষ্টিক উমৈহতীয়া লক্ষ্যৰূপে লোৱা হৈছে।
প্রযুক্তি আৰু সকলোকে সামৰি লোৱা: এই আইনৰ অধীনত প্রযুক্তিক হেঙাৰ নহয়, সবলীকৰণ ব্যৱস্থাৰূপে গ্রহণ কৰা হৈছে। আইনখনৰ ২৩ আৰু ২৪ ধাৰাত জিঅ’ টেগিং, বায়’মেট্রিক সত্যাসত্য নিৰূপণ আৰু চলিত সময়ৰ ডেছব’ৰ্ডৰ জৰিয়তে প্রযুক্তি-সবলীকৃত স্বচ্ছতাক সক্ষম কৰি তোলাৰ ব্যৱস্থা আছে। একেদৰে ২০ নম্বৰ ধাৰাত গাঁওসভাৰ দ্বাৰা সামাজিক হিচাপ পৰীক্ষা ব্যৱস্থাক শক্তিশালী কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে স্থানীয় লোকৰ দ্বাৰা নিৰীক্ষণ, স্বচ্ছতা আৰু সকলোকে সামৰি লোৱাটো নিশ্চিত কৰিবলৈ বিচৰা হৈছে।
নিবনুৱা ভাট্টা: এই আইনে পূৰ্বৰ কর্তৃত্ব কৰ্তন ধাৰা আঁতৰাই আইনগত ৰক্ষাকবচৰূপে নিবনুৱা ভাট্টা বাহাল কৰিছে। য’ত নিৰ্ধাৰিত সময়ৰ ভিতৰত নিয়োগ প্রদান কৰা নহ’ব তাত ১৫ দিনৰ পাছত নিবনুৱা ভাট্টা প্রদান কৰিব লাগিব।




































