State Bjp Pressmeet:
মিঞা মুছলমানৰ বাবে ভাষা, সংস্কৃতি বুলি বেলেগ আন কোনো ধাৰণা নাই। তেওঁলোকৰ বাবে ধর্মই শেষ কথা। ধৰ্মৰ নামত যিকোনো পৰ্যায়ৰ অধর্ম কৰিবলৈ এই লোকসকল সকলো সময়তেই সাজু থাকে। শেহতীয়াকৈ বাংলাদেশৰ মৈমনচিং জিলাৰ ভালুকাত সংঘটিত হোৱা দীপু চন্দ্র দাসক জীৱন্তে জ্বলাই দিয়াৰ ঘটনা নাইবা অসম আন্দোলনৰ সময়ত অবিভক্ত নগাঁও জিলাৰ বিভিন্ন স্থানত, মঙ্গলদৈৰ গৰুখুটি, ধলপুৰ, ধূলা আদিত সংঘটিত হোৱা অসমীয়া মানুহৰ লোমহর্ষক হত্যাকাণ্ড, তেজপুৰৰ লালেটাপুত মিঞা মুছলমানে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰা নির্মম ঘটনাৱলী সকলোবোৰ সদৃশ ঘটনা।
১৯৮৩ চনত মাছ মৰা জালেৰে মেৰিয়াই লৈ দৰং জিলাৰ গৰুখুটি-ধলপুৰত দাৰে ঘপিয়াই ঘপিয়াই দয়ানাথ শৰ্মাহঁতক হত্যা কৰা হৈছিল। ঠিক একেদৰে ১৯৮৩ চনৰ ২০ মাৰ্চৰ দিনা তেজপুৰৰ লালেটাপুত ভূপেন ডেকা, প্রসন্ন বৰুৱা, বলিন নাথ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, বীৰেণ মিশ্ৰ আৰু পলাশ ৰাজবংশীক মিঞা মুছলমানে প্রথমে দাৰে ঘপিয়াই আহত কৰাৰ পিছত ৰত্তাক্ত শৰীৰত শুকান জলকীয়াৰ গুৰি চটিয়াই দি তিল তিলকৈ হত্যা কৰিছিল। জুয়ে পুৰা তিৰাশীৰ এই নির্মম হত্যাকাণ্ড সমূহ মাত্র এসপ্তাহ আগতে বাংলাদেশৰ ভালুকাত সংঘটিত হোৱা দীপু চন্দ্র দাস হত্যাকাণ্ডতকৈ কোনো কাৰণতেই কম নির্মম নাছিল। সেয়ে কওঁ মিঞা মুছলমানৰ বাবে ধর্ম প্রথম। তেওঁলোকে ভাষা, সংস্কৃতি আদি একোকে কেতিয়াও প্রাধান্য নিদিয়ে। নিজৰ ধর্ম স্থাপনৰ বাবে ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰাৰ জৰিয়তে মিঞাই কাফেৰ বুলি কৈ অন্যপন্থৰ মানুহক নির্মমভাবে হত্যা কৰাটো তেনেই স্বাভাবিক প্রক্রিয়া। বিশ্বৰ প্রান্তে প্রান্তে এনে ঘটনা সদায় ঘটি আহিছে।
ছয় বছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত অসমত মিঞা মুছলমানে সংঘটিত কৰা ঘটনাই হওঁক নাইবা বাংলাদেশৰ দীপু চন্দ্র দাস হত্যাকাণ্ডই হওঁক সকলোবোৰ অমানবীয় কার্যৰ আৰত মিঞাৰ উদ্দেশ্য এটাই আছিল, সেয়া হ’ল আগ্রাসন আৰু আধিপত্য”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে কয় যে, জনসংখ্যা বিস্ফোৰেণেৰে ৰাজনৈতিক আধিপত্য স্থাপন কৰাৰ পিছত মিঞা মুছলমানে অন্য ধর্মৰ লোকৰ ওপৰত নির্মম অত্যাচাৰ নমাই আনে। বাংলাদেশৰ হিন্দু -মুছলমান দুয়োটা ধর্মালম্বী লোকৰে মাতৃভাষা বাংলা। তেওঁলোকৰ সংস্কৃতি বঙালী কিন্তু ধর্ম একে নহয়। সেয়েহে সংখ্যাগৰিষ্ঠ ইছলামধর্মী লোকে সংখ্যালঘু হিন্দুসকলক অৱর্ণনীয় অত্যাচাৰ কৰি ধৰ্মান্তৰণ কৰি আহিছে। দীপু চন্দ্র দাসব ঘটনা মিঞা মুছলমানৰ মানসিকতাৰ এটা উদাহৰণ মাত্ৰ বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শৰ্মাই বর্ণনা কৰে। উল্লেখযোগ্য যে, সংবাদ মাধ্যমক সম্বোধন কৰা সময়ত ৰাজ্যিক বিজেপিৰ পেনেলিষ্ট প্রিয়ংকা তামুলী আৰু গীতাৰ্থ বৰা উপস্থিত আছিল।
বাংলাদেশৰ বৰ্তমান পৰিস্থিতিৰ বাবে জামাত-ই-ইছলামী নামৰ মৌলবাদী সংগঠন আৰু এই সংগঠনে পৰিচালনা কৰা ১ লাখতকৈও অধিক কৌমি মাদ্রাছা প্রত্যক্ষভাবে জড়িত বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে। অর্থাৎ মাদ্রাছা আৰু মাদ্রাছাত শিক্ষা গ্রহণ কৰা সকল মানবীয় সভ্যতাৰ শত্রুলৈ ৰূপান্তৰিত হয়। আমাৰ অসমৰ চৰ-চাপৰিত গোপনে শ শ কৌমি মাদ্রাছা গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে, বাংলাদেশৰ জামাত-ই-ইছলামী আৰু পাকিস্তানৰ হাক্কানী নেটৱৰ্কে পৰিচালনা কৰা মাদ্ৰাছা সমূহৰ পাঠ্যক্ৰমৰ সৈতে অসমৰ চৰ-চাপৰিত থকা কৌমি মাদ্ৰাছাৰ পাঠ্যক্ৰমৰ বিশেষ কোনো পার্থক্য নাই। এনে মাদ্রাছাসমূহ সাধাৰণতে শ্বৰীয়তৰ মতে পৰিচালিত হয়।




































