Taslima Nasrin:
ইনকিলাব মঞ্চৰ মুখপাত্র শ্বৰীফ ওচমান হাদিক কঠোৰভাৱে সমালোচনা কৰিলে স্বনির্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে। সামাজিক মাধ্যমৰ জৰিয়তে লেখিকা গৰাকীয়ে এইদৰে ক’লে, ‘হাদিয়ে মাদ্রাছাত পঢ়া-শুনা কৰিছিল। তেওঁ ৰাজনীতিৰ’টোও নাজানে।
মাদ্ৰাছাৰ পৰা শিক্ষাগ্রহণ কৰা অধিকাংশৰ মূৰত ইছলামৰ বাহিৰে আন একো নাথাকে। তেওঁলোক কেতিয়াও প্রকৃতার্থত শিক্ষিত নহয়, সভ্য নহয়।’ উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা হাদিৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছৰে পৰা পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সন্দর্ভত মন্তব্য কৰি তছলিমাই লগতে ক’লে, ‘জেহাদীস্তানৰ প্ৰকৃত চেহেৰা এনেকুৱাই। হাদি মৰাৰ আগত তেওঁৰ নাম কোনোদিন শুনা নাছিলো। চেহেৰাও দেখা নাছিলো।
মৃত্যুৰ পাছত চাৰিওফালে হোৱা চিঞৰ-বাখৰত তেওঁৰ বিষয়ে ইণ্টাৰনেটত সন্ধান চলাই কিছুমান চিৎকাৰৰ ভিডিঅ’ দেখা পালে। কাৰোবাৰ হাতৰ পৰা মোটা অংকৰ টকা লোৱা ভিডিঅ’ দেখিলো। গালি-গালাজ শুনিলো। ভাৰতৰ বিৰুদ্ধে যুক্তিবুদ্ধিহীন চিঞৰ-বাখৰ শুনিলো।
হাদি মাদ্রাছাত পঢ়া মানুহ। চিধাই বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছে। আমাৰ দিনত এইবোৰ কল্পনাৰ অতীত আছিল। মাদ্ৰাছাৰ পৰা পাছ কৰি ঢাকা বিশ্ববিদ্যালয়ত কোনোবাই নামভর্তি কৰা সম্ভৱ নাছিল। কিন্তু এই হাদিয়ে বোলে বিশ্ববিদ্যালয়ত পঢ়িছিল। উগ্র ইছলাম আৰু ভাৰত বিৰোধিতাৰ বাহিৰে এওঁলোকে আন একো নাজানে।’
