West Karbi Anglong:
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত থকা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈছে জিলা প্ৰশাসন। উল্লেখ্য যে বহিৰাগত অনা কাৰ্বি আগ্ৰাসনৰ বিৰুদ্ধে অবিৰত আন্দোলন কৰি অহা প্ৰতিবাদকাৰীয়ে সোমবাৰে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতি কিছু সাম কটাৰ পিছত আজি খেৰণি থানাৰ সন্মুখত অনা কাৰ্বিৰ প্ৰতিবাদকাৰীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৷হাতে হাতে লাঠি- জোং লৈ আৰক্ষীলৈ ধাৰাষাৰ শিলাবৰ্ষন কৰে প্ৰতিবাদকাৰীয়ে ৷ যাৰবাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীয়ে প্ৰথমে লাঠিচাৰ্জ ,পিছত কন্দুৱা গেছ নিক্ষেপ কৰিও শূন্যলৈ গুলীচালনা কৰে ৷ প্ৰতিবাদকাৰীৰ শিলাবৰ্ষনত কে’বা গৰাকী মহিলা কনিষ্টবল সহ আন কে’বাজনো আৰক্ষী জোৱান আহত হয় ৷
আনহাতে এনে উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পশ্চিম কাৰ্বি আংলঙলৈ ৮ টা কোম্পানীৰ আৰক্ষী বেটেলিয়নৰ লগতে অতিৰিক্তভাৱে ৫ টা চিআৰপিএফৰ অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে ৷ আনহাতে ডিফু চহৰতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলি হৈছে ৷




































