China:✒️যি সময়ত সমগ্র বিশ্বই বিকল্প ইন্ধনৰ সন্ধান কৰি আছে, সেই সময়তে চীনে সাগৰৰ পানীৰ পৰা ইন্ধন তৈয়াৰ কৰিবলৈ লৈছে। এই খবৰ পোৱাৰ পাছতে বিস্মিত হৈছে সমগ্র বিশ্ব। আনকি কমিউনিষ্ট দেশখনৰ এই কাৰিকৰী চমকে মুখৰ মাত হৰণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছৌদি আৰবৰো। একাংশ বিশেষজ্ঞৰ মতে, মাটিৰ তলৰ পেট্র’লিয়ামজাত ইন্ধন খননৰ দিন কেতিয়াবাই উকলিছে।
গতিকে বিশ্বৰ বহু দেশে বিকল্পৰ সন্ধান কৰি আছে। এনে অৱস্থাতে দেখা দিয়া আন এটা সমস্যা হ’ল অদূৰ ভবিষ্যতে পানীৰ নাটনি সৃষ্টিৰ আশংকা। পানীৰ সম্ভাব্য নাটনি সৃষ্টিক লৈও সমগ্র বিশ্ব উদ্বিগ্ন হৈ থকাৰ সময়তে চীনে সমুদ্র জলৰ পৰা ইন্ধন তৈয়াৰ কৰিছে। অত্যাধুনিক প্রযুক্তিৰ সহায়ত দেশখনে নামমাত্ৰ খৰচত সমুদ্র জলৰ পৰা ইন্ধন তৈয়াৰ কৰিছে।
সমুদ্র জলৰ ৰাসায়নিক গঠন সলনি কৰি প্ৰতি ঘনমিটাৰ ইন্ধন তৈয়াৰত মাত্র ২৪ টকা ব্যয় হয়। চীনৰ গৱেষকসকলে শানডংয়ৰ ৰিঝাও চহৰৰ এটা শোধনাগাৰত পানীৰ পৰা বিকল্প ইন্ধন প্ৰস্তুত কৰি আছে। কোৱা বাহুল্য যে পানীৰ পৰা ইন্ধন তৈয়াৰৰ প্ৰযুক্তি বৰ্তমানলৈ চীনৰ হাততহে আছে।
লক্ষ্যণীয়ভাবে মাথোঁ এটা যন্ত্র ব্যৱহাৰ কৰিয়ে চীনে এই অভাৱনীয় কার্য সুকলমে সম্পাদন কৰি আছে। এই ইন্ধন তৈয়াৰত সমুদ্র জলৰ উপৰি ইস্পাট আৰু পেট্র’ কেমিকেল কাৰখানাৰ পৰা নির্গত তাপ ব্যৱহাৰ কৰা হয়।
সমুদ্ৰৰ পানী বিশুদ্ধ পানী আৰু সেউজ হাইড্র’জেনত পৰিণত কৰা হয়। এই সমগ্র কাম কৰোতে মাথোঁ ব্যয় হয় দুই যুৱান বা ২৪ টকাহে। স্বাভাৱিকতে পানীৰ পৰা তৈয়াৰ এই ইন্ধন পৰিৱেশ অনুকূল হয়।
অর্থাৎ এনে ইন্ধনে জীবাশ্ম ইন্ধনৰ দৰে পৰিৱেশৰ ক্ষতি নকবে। অৱশ্যে চীনে যিদৰে পানীৰ পৰা ইন্ধন তৈয়াৰ কৰিছে তেনে উদ্দেশ্যৰে শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছৌদি আৰবেও প্রকল্প প্রস্তুত কৰিছে।
লক্ষ্যণীয় যে চীনত সমুদ্র জলৰ পৰা ইন্ধন উৎপাদন কৰা শোধনাগাৰটো এটা প্রধান বৈশিষ্ট্য হ’ল এই শোধনাগাৰ বিদ্যুৎ বা শক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। ইন্ধন প্রস্তুতৰ সম্পূৰ্ণ প্রক্রিয়াটো সম্পন্ন হয় ৰাসায়নিক বর্জিত পদাৰ্থৰ জৰিয়তে।
চীনা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্রতি বছৰে এই শোধনাগাৰত আঠশ টন বা আঠ লাখ কিলোগ্রাম সমুদ্ৰৰ পানী প্ৰক্ৰিয়াকৰণ কৰা হৈছে।
ইয়াৰ জৰিয়তে ৪৫০ ঘন মিটাৰ অতি বিশুদ্ধ পানী উৎপাদন কৰা হয়। এই পানী উদ্যোগ-প্রতিষ্ঠানত ব্যৱহাৰ কৰিব পাৰি। তদুপৰি ইয়াৰ জৰিয়তে বছৰি প্ৰায় এক লাখ ৯২ হেজাৰ ঘন মিটাৰ সেউজ হাইড্র’জেনো উৎপন্ন কৰা হৈছে।
এই সেউজ হাইড্র’জেন উদ্যোগ-কাৰখানাৰ পৰা আৰম্ভ কৰি যানবাহনলৈকে ব্যৱহাৰ কৰিব পাৰি। এই ইন্ধন তৈয়াৰৰ অন্তিম প্রক্রিয়াত ৩৫০ টন খনিজ সমৃদ্ধ লৱণযুক্ত পদার্থ উৎপন্ন হয়। সেয়াও পেলনি নাযায়। এই ৰাসায়নিক পদার্থ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। অৱশ্যে সমগ্র প্রক্রিয়াত কিছু পৰিমাণৰ সামগ্ৰী নষ্ট হয়।
মুঠতে এই শোধনাগাৰত তিনিটা প্রক্রিয়াত সমগ্র কাম সম্পূর্ণ হয়। এই সম্পর্কত চীনৰ অভিযন্তা কিন জিয়ানগুয়াঙে কয় যে এই প্রযুক্তি হৈছে সমুদ্ৰৰ পৰা শক্তি আহৰণৰ এক নতুন উপায়। ইয়ে পৰিৱেশৰ কোনো ক্ষতি নকৰে বুলিও চীনা অভিযন্তাজনে জনায়।






























