Pacific Ocean:✒️সেউজীয়া, গোলাপী, বেঙুনীয়া ৰঙৰ অৰোৰা ব’ৰিয়ালিছৰ খণ্ডৰে ভৰি পৰিছিল ইউৰোপৰ একাধিক দেশৰ আকাশ। এইবাৰ সাগৰৰ পানীতো ৰঙৰ বাহাৰ দেখা গ’ল। নিশাৰ ভাগত প্রশান্ত মহাসাগৰৰ পানীত গাঢ় ৰঙা ৰঙৰ পোহৰৰ জিলিকনি দৃষ্টিগোচৰ হয় আকাশত উৰন্ত এখন বিমানৰ পাইলটৰ।
সেই পাইলটজনেই নিশাৰ অন্ধকাৰত প্রশান্ত মহাসাগৰৰ পানী ৰঙা কৰি তোলা সেই পোহৰৰ ফটো তুলি ৰাখে। পাছত ৰক্তবর্ণ প্রশান্ত মহাসাগৰৰ ফটোবোৰ সামাজিক মাধ্যমত দ্রুতগতিৰে ভাইৰেল হৈ পৰে। সেই ফটো দেখি একাংশ বিজ্ঞানীয়ে উৎসুক হৈ ইয়াৰ উৎসৰ সন্ধানত নামি পৰে। কিহৰ বাবে এই যাদু, তাৰো ব্যাখ্যা দিছে সেই বিজ্ঞানীসকলে।
আচলতে প্রশান্ত মহাসাগৰত নিশাৰ ভাগত প্ৰচুৰ জলযান চলে। এইবোৰ প্ৰধানকৈ ফিছিং বোট বা মাছ আৰু নানা সামুদ্রিক প্রাণী চিকাৰৰ জলযান। তাৰ অধিকাংশই আকৌ চীনৰ। সাগৰৰ পৰা নানা ধৰণৰ মাছৰ উপৰি তেওঁলোকৰ লক্ষ্য থাকে বিশাল বিশাল স্কুইড নামৰ সাগৰীয় প্রাণীবিধৰ চিকাৰ। কিয়নো এই প্রাণী চীনসহ এছিয়া মহাদেশৰ একাধিক দেশৰ সামুদ্রিক খাদ্যৰূপে অতি সুস্বাদু আৰু জনপ্রিয়।
লগতে এইবোৰ চৰা দামত বিক্ৰী কৰি যথেষ্ট আয় কৰে। এই সাগৰীয় প্রাণী চিকাৰৰ স’তে উক্ত ৰঙা পোহৰৰ যথেষ্ট সম্পৰ্ক আছে। পাইলটজনে তোলা ফটোবোৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে ইয়াৰ প্ৰকৃত কাৰণো বিচাৰি উলিয়াইছে।
বিজ্ঞানীসকলে জনাইছে যে সেই ৰঙা পোহৰ একো ৰহস্যময় বস্তু নহয়, বৰঞ্চ সেয়া হৈছে লেজাৰ আৰু এলইডি ৰশ্মিৰ সমাহাৰ। চীনা জলযান সমূহৰ পৰা একেলগে এনেদৰে ৰঙা ৰঙৰ পোহৰ সাগৰৰ পানীত পেলায় যে সেই পোহৰে এটা নির্দিষ্ট ক্ষেত্র সৃষ্টি কৰে।
সেই ক্ষেত্ৰ জুৰি ৰক্তিম আভা সাগৰৰ তলি পর্যন্ত বিয়পি পৰে আৰু তাৰ তৰংগদৈর্ঘ্য হুবহু মিলি পৰে দৈত্যাকৃতিৰ স্কুইডবোৰৰ জলকেলিৰ ফলত সৃষ্টি হোৱা তৰংগৰ স’তে। ফলত সিবোৰে এই ৰঙা পোহৰৰ প্ৰতি আকৃষ্ট হৈ লাহে লাহে সাগৰৰ ওপৰৰ ফালে উঠি আহিবলৈ আৰম্ভ কৰে। তেতিয়াই জলযানৰ পৰা স্কুইড চিকাৰ কৰিবলৈ সুবিধা হয়।
প্রাপ্ত তথ্য অনুসৰি, স্কুইড চিকাৰৰ বাবে চীনে এই নতুন পদ্ধতি প্ৰহণ কৰিছে। ৰঙা লেজাৰ ৰশ্মিৰ প্ৰতি এইবিধ সামুদ্রিক প্ৰাণীৰ আকৰ্ষণৰ বিষয়ে অৱগত হোৱাৰ পাছতেই সহজ পদ্ধতিৰূপে চীনে এই কৌশল প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত কম পৰিশ্ৰমত বিশাল মুনাফা সম্ভৱ হৈছে।
সেই বাবেই এতিয়া নিশাৰ আকাশৰ পৰা প্ৰশান্ত মহাসাগৰৰ ফালে চকু দিলে কেৱল ৰক্তবর্ণ পোহৰৰ জিলিকনিৰ বাহিৰে আন একোৱেই দেখা নাযায়। এই সহজ পদ্ধতিৰ বাবে চীনে পূৰ্বৰ তুলনাত অধিক সংখ্যক স্কুইড চিকাৰ কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত এই আচহুৱা সামুদ্রিক প্রাণীবিধৰ ভৱিষ্যতলৈ বিপদ নামি অহাৰো আশংকা কৰা হৈছে।
