Batadrava Project:
মই আজি ৰাজনৈতিক কথা নকওঁ, কিন্তু যিটো ভাল সেইটো ক’ম ৷ গুৰুজনাৰ লীলাভূমি বৰদোৱাত যে বাংলাদেশী অনুপ্ৰৱেশকাৰী আছিল সেয়া জানো উচিত আছিলনে ৷ কিন্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীক খেদি ১৬৫ বিঘা ভূমিত মন্দিৰ সাজি মহান কাম কৰিছে ৷ এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ৷
সোমবাৰে গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানৰ ১৬৫ বিঘা ভূমিত প্ৰায় ২২৭ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্র মুকলি কৰি গৃহমন্ত্ৰী গৰাকীয়ে বিশাল উদ্বোধনী সভাত আৰু কয়, বিগত ১১ বছৰত মোদী চৰকাৰে অসম সহ উত্তৰ-পূবৰ বাবে বহুত কাম কৰিছে ৷পাঁচখন শান্তি চুক্তিৰ ৯২ শতাংশ কাম সম্পূর্ণ হৈছে আৰু এইবাৰ পদুমৰ চৰকাৰ হ’লে এই ৯২ শতাংশটো ১০০ শতাংশ হ’ব।
শ্বাহে আৰু কয়,কংগ্ৰেছে দশক দশক ধৰি অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰিছিল৷ কুখ্যাত আইএমডিটি আইন আনি অনুপ্ৰৱেশকাৰীক অসমত স্থায়ীভাৱে থকাৰ আইনী সুবিধা কৰি দিছিল ৷আমি বাছি বাছি ভাৰতৰ পৰা অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াম৷ অনুপ্ৰৱেশকাৰীৰ হেঁচাত অসমৰ সংস্কৃতি পিষ্ট হৈ আছিল৷আজিৰ এইখন অসম ভূমিত মোদী-হিমন্তৰ নেতৃত্বত বাজিছে মৃদংগ আৰু তাল ৷ মই কালি গুজৰাটৰ উদ্যোগপতিসকলক লগ কৰি আহিছো তেওঁলোকে কৈছে যে অসমে এতিয়া গোটেই পূৰ্বোত্তৰৰ ‘বিকাশৰ ইঞ্জিন’ হিচাপে দেশক বিকাশৰ ৰাস্তাত লৈ গৈছে ৷ আমি ৰাজ্য খনত বিনিয়োগ কৰিবলৈ আগ্ৰহী ৷

এসময়ত অসমৰ পৰা দুটা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য অৰ্জন কৰিছিল প্ৰয়াত ড:মনমোহন সিং৷ তেওঁৰ বাৰবছৰীয়া কাৰ্যালয়ত অসমলৈ আহিছিল সাতবাৰ ৷ তাৰে দুবাৰ আহিছিল ৰাজ্যসভাৰ আসনৰ মনোনয়নপত্ৰ দাখিলৰ বাবে ৷ কি কৰিলে তেওঁ অসমৰ বাবে ৷ কংগ্ৰেছে খিলঞ্জীয়াক বিপদাপন্ন কৰি অসমৰ ভূমি এৰি দিছিল বিশেষ সম্প্ৰদায়ৰ হাতত ৷ আজি তাৰ ফল ভূগিছে অসমীয়াই ৷ আগন্তুক দিনত কংগ্ৰেছক পাহৰণিৰ গৰ্ভৰলৈ নিব অসমীয়া ৰাইজে ৷ অসমৰ অস্বিত্ব ৰক্ষা আন্দোলনত ৮৬০ জন তেজাল যুৱকক হত্যা কৰা কংগ্ৰেছৰ আজিও অনুসোচনা ন’হল ৷
সভাৰ আদৰণি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধনী সভাত উদাত্ত ভাষণ দি কয়,গুৰুজনাৰ লগত সংলগ্ন নহ’ব আজানপীৰ | গুৰুজনাৰ লগতে চিৰকাল থাকিব মাধৱদেৱ |এইখন অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা শংকৰ- মাধৱৰ দেশ,আজান ফৰিৰৰ নহয় | বৰদোৱা থানৰ পৰাই জাতিটোক জীয়াই ৰখাৰ সংকল্প ল’ব লাগিব|
আমি চাৰিওফালে এচাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো | এইসকল লোকে শংকৰ-মাধৱৰ জীৱন দর্শন বুজি নাপায়| অচিনাকি মানুহৰ কৱলৰ পৰা উদ্ধাৰ কৰা ১৬৫ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ল গুৰুজনাৰ সৃষ্টিৰাজীৰ আৱিভাৰ্ৱ ক্ষেত্ৰ |
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে অসমবাসী ৰাইজক অনুৰোধ জনাম অচিনাকী লোকক মাটি বিক্রী নকৰিব ৷ অচিনাকী লোকক নিদিব চাকৰি ৷অচিনাকী লোকক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব৷
আনহাতে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্র সৰ্বসাধাৰণ ৰাইজে দৰ্শন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,কোনো ধৰণৰ প্ৰৱেশ মাচুল নিদিয়াকৈ সকলোৱে প্ৰৱেশ কৰিব পাৰিব আটকধুনীয়া বটদ্ৰৱা প্ৰকল্প ৷ সকলোকে গুৰুজনাৰ আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰি উলিওৱা এই প্ৰকল্প দৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছো ।
৬০ হাজাৰ ভকত-বৈষ্ণৱৰ সমাৱেশত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ৷ অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,নগাঁও- বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা সহ মন্ত্ৰী আৰু বিধায়ক সকল ৷
উল্লেখ্য যে অনুষ্ঠানত অংশ লয় প্ৰায় ১৫০ গৰাকী সত্ৰাধিকাৰে ৷ ইয়াৰ পূৰ্বে প্ৰকল্প চৌহদত থকা নাটঘৰতগায়ন- বায়ন আৰু আইমাতৃ সকলৰ নাম প্ৰসংগ উপভোগ কৰে গৃহমন্ত্ৰী গৰাকীয়ে । বৈকুণ্ঠ পৰিলৈ পৰ্যবেশিত হয় বটদ্ৰৱা থান চৌহদ ৷

উল্লেখ্যযোগ্য প্ৰতিকুল বতৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণ কাৰ্যসূচীত ব্যাপক সালসলনি ৷ দেওবাৰে নিশা গুৱাহাটী উপস্থিত হোৱাৰ কথা আছিল যদিও ডাঠ কুঁৱলীৰ বাবে সোমবাৰে পুৱাহে বিএছএফৰ বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনায় মুখ্ ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী বৰঝাৰৰ পৰা পোনে পোনে ৰাওনা হয় নগাঁৱৰ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্মস্থলী বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পলৈ ৷




































