China:✒️আজিৰ সময়ত নতুন প্ৰযুক্তিৰ উদ্ভাৱনত যথেষ্ট অগ্রগতি লাভ কৰিছে চীনে। শেহতীয়াভাৱে চীনে ন ন প্ৰযুক্তিৰ ৰ’বট, ৰেল, বিমান, গাড়ী আদি নির্মাণৰে বিশেষ চর্চা লাভ কৰি আহিছে।
এইবাৰ চীনৰ বিজ্ঞানীয়ে এনে এক যুঁজাৰু বিমান তৈয়াৰ কৰিলে যি বিমান কোনো ইন্ধন অবিহনে আকাশত উৰিব পাৰিব। এই নতুন প্রযুক্তিয়ে ইলেক্ট্র’ মেগনেটিক ছিগনেল প্রয়োগ কৰি বিদ্যুতলৈ পৰিৱৰ্তন কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে ভৱিষ্যতে চীনে কোনো যুঁজাৰু জেট বা আন বিমান তেল অবিহনে আকাশত উৰাব পাৰিব।
ইয়াৰ বাবে যুঁজাৰু জেট বিমান এনেদৰে ডিজাইন কৰিব লাগিব, যাৰ জৰিয়তে উক্ত বিমান পৃথিৱীলৈ অহাৰ সময়ত ইলেক্ট্র’মেগনেটিক ছিগনেলক বিদ্যুতলৈ পৰিৱৰ্তন কৰি ইয়াৰ জৰিয়তে ইন্ধন হিচাপে উৰা মাৰিব পাৰে।
চীনৰ বিজ্ঞানীয়ে বর্তমানে ছয় জি প্রযুক্তিৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বর্তমানে ইন্ধন অবিহনে উৰিব পৰা বিমান নিৰ্মাণৰ পৰীক্ষামূলক কাম-কাজ চীনৰ বিজ্ঞানীয়ে অব্যাহত ৰাখিছে।






























