ঘন কুঁৱলীৰে ঢাকিছে দিল্লী!

১৬খন বিমান ডাইভাৰ্ট ,বাতিল ১১৮খন বিমান  

IMG 20251230 124705

Delhi pollution:✒️ঘন কুঁৱলীৰে আৱৰিছে দেশৰ ৰাজধানী। দৃশ্যমানতা প্ৰায় শূন্যলৈ হ্ৰাস পাইছে। এনে পৰিস্থিতিত দিল্লীৰ জীৱন ব্যাঘাত হৈছে । প্ৰায় ১৬ খন বিমান ডাইভাৰ্ট কৰা কৰাৰ লগতে ১১৮খন বিমান সেৱা বাতিল কৰা হৈছে।

ইয়াৰ লগতে প্ৰায় ১৩০০ বিমানৰ সময়সূচী সলনি কৰা হৈছে। ৰেল সেৱাত বাধাৰ সৃষ্টি হৈছে। দিল্লীৰ পৰিস্থিতি অত্যন্ত বিপজ্জনক, যাৰ বাবে ইতিমধ্যেই ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে পুৱা আঠ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দৃশ্যমানতা মাত্ৰ ৫০ মিটাৰহে আছিল।

পুৱা ন বজালৈকে ১০০ মিটাৰলৈ বৃদ্ধি পাইছিল।কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰতিবেদন অনুসৰি বিগত ২৪ ঘণ্টাত দিল্লীত বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৪০১, যিটো অতি দুৰ্বল বুলি বিবেচিত হৈছে।

ঘন কুঁৱলীৰ বাবে বতৰ বিজ্ঞান বিভাগে দিল্লীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। মঙলবাৰে দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা সাত ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ ২০ ডিগ্ৰী।

দেওবাৰে বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ বাবে দিল্লীৰ লগতে উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত অতি ঘন কুঁৱলীৰ পূৰ্বাভাস দিছিল।

Exit mobile version