South Indian Actress:✒️জনপ্ৰিয় দক্ষিণী অভিনেত্ৰী নন্দিনীৰ চৰমপন্থা ।সোমবাৰে বেংগালুৰুত মৃত্যুৰ দৃশ্যৰ শ্বুটিং শেষ কৰাৰ পাছতে অভিনেত্ৰীগৰাকীয়ে এই পথ বাচি লয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। এই সিদ্ধান্তৰ বাবে অভিনেত্ৰীগৰাকীয়ে পিতৃ-মাতৃক জগৰীয়া কৰিছে।
চিঠিখন পঢ়ি গম পোৱা গৈছে যে অভিনেত্ৰীগৰাকীক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। সেইটোৱেই আছিল অভিনেত্ৰীগৰাকীয়ে জীৱন শেষ কৰাৰ মূল কাৰণ।
কানাড়া আৰু তামিল টিভি শ্ব’ৰ চিনাকি মুখ নন্দিনী। সংঘৰ্ষ, মধুমাগলু, নিনাদে না ছবিত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল।
