CEO Pressmeet:
ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত নিৰ্বাচন আয়োগে আৰম্ভ কৰা ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম সম্পন্ন হোৱাৰ দিশত আগবাঢ়িছে ৷ এই সন্দৰ্ভত মঙলবাৰে জনতা ভৱনত আয়োজিত এক সংবাদমেলত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে পুনৰীক্ষণৰ অগ্ৰগতিৰ তথ্য দাঙি ধৰে ৷
মুখ্য নির্বাচনী বিষয়া গৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি ২৭ ডিচেম্বৰত সম্পূৰ্ণ হব ভোটাৰ খচৰা। ইতিমধ্যে খচৰাত নাম অন্তভূক্ত হৈছে ২ কোটি ৫২ লাখ ১ হাজাৰ ৬২৪ গৰাকী ভোটাৰ। সৰ্বাধিক ভোটাৰৰ নাম অন্তভূক্ত হৈছে দলগাঁৱত ৷ ৩১ লাখ ৮৮ হাজাৰ ৩২৬ গৰাকী ভোটাৰৰ নাম খচৰাত সোমাইছে। একেদৰে খচৰা ভোটাৰ তালিকাত ২ লাখ ৮৪ হাজাৰ ৮৪ গৰাকী যুৱ ভোটাৰৰ নাম অন্তর্ভুক্ত হৈছে ৷ পূৰ্বতকৈ প্ৰায় ১.৩ শতাংশলৈ বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা ৷
মুখ্য নির্বাচনী বিষয়া গৰাকীয়ে আৰু কয় যে, ১০ ফেব্ৰুৱাৰীৰ পিছত কোনোৱে কৰিব নোৱাৰিব ওজৰ-আপত্তি। ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব সম্পূর্ণ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ।




































