ইংৰাজী নৱবৰ্ষৰ আনন্দ-উদ্দীপনাৰ মাজতে বহুতে বছৰটোত কি ঘটিব সেয়াও জানিবলৈ উৎসুক হৈ পৰে। স্বাভাৱিকতে কোনো ঘটনাৰ বিষয়ে আগতীয়াকৈ জানিবলৈ বিচৰাটো মানুহৰ স্বভাবজাত এক কৌতূহল। বছৰটোক লৈ বিশ্বৰ বিভিন্ন স্থানত বিভিন্ন ভবিষ্যৎদ্রষ্টাই বিভিন্ন ভবিষ্যদ্বাণী কৰিছে। এই ক্ষেত্রত বিশেষকৈ চর্চালৈ আহিছে।
বুলগেৰিয়াৰ বাবা ভাংগা আক ষষ্ঠদশ শতিকাৰ ফৰাচী ভবিষ্যৎদ্রষ্টা নষ্ট্রাডামুৰ ভবিষ্যদ্বাণীৰ কথা। দুয়োৰে অনুৰাগীসকলে বিশ্বাস কৰে যে তেওঁলোকৰ বহু ভবিষ্যদ্বাণী ইতিমধ্যে মিলিছে। গতিকে ২০২৬ৰ বৰ্ষটোক লৈ এই দুই ভবিষ্যৎদ্রষ্টাই কৰা ভবিষ্যদ্বাণীও তেওঁলোকৰ অনুগামীসকলে সত্য বুলি বিশ্বাস কৰিছে।
নষ্ট্রাডামু আৰু বাবা ভাংগাৰ মতে চলিত বছৰটো যুদ্ধ, দুর্যোগ, বাজনৈতিক পবিৱর্তন আনকি মানুহৰ স’তে ভিন্ন গ্ৰহৰ প্রাণীৰ মুখামুখি ঘটিব। এই ক্ষেত্রত সবাতোকৈ উদ্বেগৰ বিষয়টো হ’ল যে এই দুই ভবিষ্যৎদ্রষ্টাৰ মতে চলিত বৰ্ষত তৃতীয় বিশ্বযুদ্ধব অৱতাৰণা হ’ব। এই সম্পর্কত বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি চলিত বৰ্ষত বিশ্বজুবি এখন ডাঙৰ যুদ্ধ সংঘটিত হ’ব। লাহে লাহে এই যুদ্ধত মার্কিন যুক্তৰাষ্ট্র, ৰাছিয়া আৰু চীনৰ দৰে শক্তিধৰ ৰাষ্ট্রসমূহ জড়িত হ’ব।
তদুপৰি চলিত বছৰটোত ভয়াবহ ভূমিকম্প, জুনামি, বান আৰু আগ্নেয়গিৰি উদ্গীৰণৰ আশংকা আছে। এনে প্রাকৃতিক দুর্যোগক লৈ মানুহক সতর্ক থাকিবলৈ তেওঁ আহ্বান জনাইছে। তেওঁৰ মতে এনে প্রাকৃতিক দুর্যোগত পৃথিৱীৰ আঠৰ পৰা ১০ শতাংশ ভূখণ্ড প্রভারিত হ’ব পাৰে। তদুপৰি মহাপ্ৰতাপী ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰো এই বছৰত পতন ঘটিব বুলিও বাবা ভাংগাৰ ভবিষ্যদ্বাণীত পোৱা গৈছে।
তেওঁৰ মতে চলিত বৰ্ষত ৰাছিয়াৰ ৰাষ্ট্ৰপতি সলনি হ’ব। তাৰ পাছতে এজন শক্তিশালী নতুন নেতা বা এক নায়কৰ উত্থান হ’ব যিয়ে বিশ্ব ৰাজনীতিলৈ নাটকীয় পৰিৱর্তন আনিব।
উল্লেখ্য যে নস্ট্রাডামুৱে ৯৪২ টা কবিতাৰ মাধ্যমৰে ভবিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ কবিতাসমূহক সামৰি ‘লে প্রফেটিছ’ নামৰ এখন গ্রন্থ প্রকাশ পাইছে। বহুতৰ মতে তেওঁৰ ভবিষ্যদ্বাণীসমূহৰ অধিকাংশই সত্য প্রমাণিত হৈছে। উদাহৰণস্বৰূপে ১৬৬৬ৰ লগুনৰ ভয়াৱহ অগ্নিকাণ্ড, ১/১১ সন্ত্রাসবাদী আক্রমণ আৰু ২০১৬ত মার্কিন ৰাষ্ট্ৰপতিৰূপে ডানাল্ড ট্রাম্প নির্বাচিত হোৱা সম্পর্কেও তেওঁ শুদ্ধ ভবিষ্যদ্বাণী কৰিছিল।
এই ফৰাচী ভবিষ্যৎদ্রষ্টাৰ মতে চলিত বর্ষত এজন বিখ্যাত বা শক্তিশালী ব্যক্তিৰ বজ্রপাতত মৃত্যু হোৱাৰ আশংকা আছে। অৱশ্যে
এই বিখ্যাত ব্যক্তিজন কোন সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই। লগতে তেওঁ চলিত বর্ষত পৃথিৱীত এক ৰহস্যময় ৰোগৰ প্রাদুর্ভাব ঘটাৰো ইংগিত দিছে। তদুপৰি ছুইজাৰলেণ্ডৰ এক অংশত তেজৰ নৈ বব বুলি তেওঁ ভৱিষ্যৎদ্বাণী কৰি গৈছে।
আনহাতে, এই দুই ভৱিষ্যৎদ্রষ্টাৰ মতে চলিত বৰ্ষত ছৌডি আৰব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক বাদ দি এক বর্ধিত ‘ব্রিকছ’ সংস্থাৰ জন্ম হোৱাৰ সম্ভাবনা আছে। অর্থাৎ চলিত বৰ্ষটোত বিশ্বৰ এক নতুন শৃংখলা গঠনৰো সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য দুৰ্বল হ’ব পাৰে।
