Personal Advocate Appointed:
জুবিন গাৰ্গ হত্যা গোচৰত কাৰাৰুদ্ধ হৈ থকা সাত অভিযুক্তৰ চাৰিজনে অৱশেষত পালে অধিবক্তা ৷ গ্ৰেপ্তাৰ হোৱাৰ দিনৰে পৰা কোনোজনৰে নাছিল অধিবক্তা ৷ সদৌ অসম অধিবক্তা সন্থাই ৭ অভিযুক্তৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছিল ৰাজ্যৰ অধিবক্তা সমাজক ৷ যাৰবাবে তেওঁলোকৰ পৰিয়ালে অধিবক্তা বিচাৰি হাইৰাণ হৈছিল ৷
অৱশ্যে ইয়াৰ মাজতে অমৃতপ্ৰভা মহন্তই নিজাববীয়াকৈ নিয়োগ কৰিছিল আনন্দ কুমাৰ ভূঞা নামৰ অধিবক্তা এগৰাকীক ৷ ভূঞাই আজি অমৃত প্ৰভাৰ হৈ জামিন আবেদন দাখিল কৰিছিল কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত ৷
অৱশেষত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা আৰু শেখৰজ্যোতি মহন্ত পালে ব্যক্তিগত অধিবক্তা। শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাৰ হৈ উকালতি কৰিব ক’লকাতাৰ অনিল মিশ্ৰ নামৰ অধিবক্তা গৰাকীয়ে ৷ আনহাতে শেখৰজ্যোতি মহন্তৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হ’ব এছ কলিতা নামৰ অধিবক্তাজনে ৷
পৰৱৰ্তী শুনানিত আটাইৰে হৈ ওকালতি কৰিব ব্যক্তিগতভাৱে নিয়োগ কৰা দুই অধিবক্তাই।




































