Zubeen Garg Case Hearing:আজি জুবিন গাৰ্গ হত্যা গোচৰৰ তৃতীয়টো শুনানি

কামৰূপ ছেচন আদালতত উপস্থিত হয় গৰিমা গাৰ্গ শইকীয়া, ভার্চুৱেলী হাজিৰ কৰোৱা হ'ব বাকসা আৰু হাফলং কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা সাত অভিযুক্তক

WhatsApp Image 2026 01 03 at 12.56.04 PM

Zubeen Garg Case Hearing:

জুবিন গাৰ্গ হত্যা গোচৰৰ তৃতীয়টো শুনানি আজি অনুষ্ঠিত হ’ব কামৰূপ মহানগৰ জিলা ছেচন আদালতত ৷ শুনানিৰ পূৰ্বে জুবিনৰ পত্নী গৰিমা গাৰ্গ শইকীয়া আৰু জুবিনৰ খুড়াক মনোজ বৰঠাকুৰ উপস্থিত হয় আদালতত ৷

আনহাতে সাত অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত ,সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী,অমৃত প্ৰভা মহন্ত,সন্দীপন গাৰ্গ,নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক তেওঁলোক বন্দী হৈ থকা বাকসা আৰু হাফলং উপ- কাৰাগাৰৰ পৰাই ভার্চুৱেলী হাজিৰ কৰোৱা হ’ব ৷

উল্লেখ্য যে গোচৰটো শুনানি প্ৰথমে আৰম্ভ হৈছিল চিজেএম আদালতত ৷ কিন্ত চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ১০৩ হত্যাৰ ধাৰা আৰোপ হোৱা বাবে সমগ্ৰ
গোচৰটো হস্তান্তৰিত কৰা হয় সত্ৰ ন্যায়াধীশ আদালতলৈ ৷

আনহাতে আজি তৃতীয়টো শুনানিৰ বাবে আদালতত উপস্থিত হোৱা গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমত কয়,ন্যায়ালয়ৰ ওপৰত তেওঁ যথেষ্ট আশাবাদী ৷ন্যায় প্রতিষ্ঠা হ’ব আদালতত ৷ দোষীয়ে নিশ্চয় কঠোৰ শাস্তি পাব ৷

Exit mobile version