Zubeen Garg Case Hearing:
জুবিন গাৰ্গ হত্যা গোচৰৰ তৃতীয়টো শুনানি আজি অনুষ্ঠিত হ’ব কামৰূপ মহানগৰ জিলা ছেচন আদালতত ৷ শুনানিৰ পূৰ্বে জুবিনৰ পত্নী গৰিমা গাৰ্গ শইকীয়া আৰু জুবিনৰ খুড়াক মনোজ বৰঠাকুৰ উপস্থিত হয় আদালতত ৷
আনহাতে সাত অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত ,সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী,অমৃত প্ৰভা মহন্ত,সন্দীপন গাৰ্গ,নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক তেওঁলোক বন্দী হৈ থকা বাকসা আৰু হাফলং উপ- কাৰাগাৰৰ পৰাই ভার্চুৱেলী হাজিৰ কৰোৱা হ’ব ৷
উল্লেখ্য যে গোচৰটো শুনানি প্ৰথমে আৰম্ভ হৈছিল চিজেএম আদালতত ৷ কিন্ত চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ১০৩ হত্যাৰ ধাৰা আৰোপ হোৱা বাবে সমগ্ৰ
গোচৰটো হস্তান্তৰিত কৰা হয় সত্ৰ ন্যায়াধীশ আদালতলৈ ৷
আনহাতে আজি তৃতীয়টো শুনানিৰ বাবে আদালতত উপস্থিত হোৱা গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমত কয়,ন্যায়ালয়ৰ ওপৰত তেওঁ যথেষ্ট আশাবাদী ৷ন্যায় প্রতিষ্ঠা হ’ব আদালতত ৷ দোষীয়ে নিশ্চয় কঠোৰ শাস্তি পাব ৷


































