Earthquake:
পুৱতি নিশা ৪-১৭ মিনিটত ভূমিকম্পৰ তীব্ৰ জোকাৰণি৷ ভাৰত বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান আৰু চীনত ইয়াৰ প্ৰভাৱ পৰে ৷ ইয়াৰ প্ৰাৱল্য আছিল ৫.৬ |ইয়াৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ পৰা ১৪ কিঃ মিঃ নিলগত নগাঁও জিলাৰ ধিং বুলি ধাৰণা কৰা হৈছে |
আনহাতে পুৱতি নিশা অহা ভয়ংকৰ ভমিকম্পৰ ফলত নগাঁও জিলাৰ চামগুৰিত বিস্তৰ ক্ষতিসাধন হয়। চামগুৰিৰ বৰালীগাঁৱৰ চাবিৰ আহমেদৰ বাসগৃহৰ দেৱালয় খহি পৰে ভূমিকম্পৰ ফলত । একেদৰে নগাঁৱৰ বৰঘাট চ’কৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অত্যাধুনিক চিলিং তাচপাতৰ দৰে খহি পৰে ৷এই ভয়াৱহ দৃশ্য বন্দী হয় প্ৰতিষ্ঠানখনৰ চি চি কেমেৰাত । অৱশ্যে আন ক’তো বেছি ক্ষয়ক্ষতি জানিব পৰা হোৱা নাই ৷
ADVERTISEMENT




































