Sarbananda Sonowal Wall Painting in Dibrugarh:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা মাহ থকা অৱস্থাত শাসকীয় বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুজকাৱাজ ৷ আনহাতে নিৰ্বাচনী ৰণকৌশলৰ অংশ হিচাপে আজিৰে পৰা গেৰুৱা দলটোৱে জিলাই জিলাই আৰম্ভ কৰিছে বিজেপিৰ দেৱাল লিখন অভিযান ৷
গুৱাহাটীত দেৱাল লিখনৰে সপ্ত শ্ল’গানেৰে চলোৱা প্ৰচাৰাভিযান শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কে’বাজনো মন্ত্ৰী- বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে হাতত ব্ৰাছ লৈ নিজেই দেৱাল লিখি শ্ল’গানে ৷
আনহাতে ডিব্ৰুগড়ত মন্ত্ৰী প্ৰশান্ত ফুকন আৰু ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতাত দেৱাল লিখন কাৰ্যসূচী শুভৰাম্ভ কৰে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
উল্লেখ্য যে তৃতীয়বাৰৰ বাবে কিয় বিজেপি চৰকাৰ লাগে ইয়াৰ বাবে কেতবোৰ বিশেষ যুক্তি দাঙি ধৰি বিজেপিয়ে প্ৰস্তুত কৰিছে সপ্ত শ্ল’গান ৷ ৰাজ্য প্ৰান্তে প্ৰান্তে আৰম্ভ হোৱা দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী-বিধায়কৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাই I




































